
১২ বছৰৰ পাছত বৃদ্ধি পালে পাছপ’ৰ্ট (Indian passport) বনোৱাৰ খৰচ। বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা অনুসৰি, এইবাৰ নতুন পাছপ’ৰ্ট বনোৱাৰ খৰচ হ’ব ২৫০০ টকা। তৎকাল আঁচনিৰ অধীনত পাছপ’ৰ্ট বনোৱাৰ খৰচ হ’ব ৫ হাজাৰ টকা।

১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নীতি। অৰ্থাৎ সেইদিনা বা তাৰ পিছত পাছপ’ৰ্টৰ বাবে আবেদন কৰাসকলে বৰ্ধিত মাচুল দিব লাগিব। উল্লেখ্য যে বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে পাছপ’ৰ্ট দেশবাসীৰ পৰিচয়-পত্ৰ হ’ব নোৱাৰে। ই কেৱল ভ্ৰমণৰ নথি।
নতুন নিয়ম অনুসৰি ৩৬ পৃষ্ঠাৰ নতুন পাছপ’ৰ্ট নিৰ্মাণৰ বাবে ২৫০০ টকা খৰচ হ’ব। ১৮ বছৰ আৰু তাৰ ওপৰৰ লোকে পাছপ’ৰ্ট পুনৰ জাৰি কৰিব বিচাৰিলেও সেই একে ২৫০০ টকা দিব লাগিব৷ ইয়াৰ পূৰ্বে এই খৰচ আছিল ১৫০০ টকা।
তৎকাল পাছপ’ৰ্ট বনাবলৈ ৩৫০০ টকা দিব লাগিছিল। এতিয়া ৫ হাজাৰ টকা হ’ব। ৬০ পৃষ্ঠাৰ পাছপ’ৰ্ট বনাব বিচাৰিলে ৩৫০০ টকা দিব লাগিব। ইয়াৰ পূৰ্বে ২০০০ টকা খৰচ হৈছিল। তৎকালত ৬০ পৃষ্ঠাৰ পাছপ’ৰ্ট বনাবলৈ ছহাজাৰ টকা দিব লাগিব।
ইয়াৰ পূৰ্বে ২০০০ টকা খৰচ হৈছিল। ইয়াৰ পূৰ্বে ২০১২ চনত শেষবাৰৰ বাবে পাছপ’ৰ্ট সেৱাৰ খৰচ বৃদ্ধি কৰা হৈছিল। এইবাৰ পাছপ’ৰ্ট (সংশোধনী) আইন, ২০২৬ৰ অধীনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে খৰচ বৃদ্ধিৰ কথা ঘোষণা কৰে। ২০ জুনত এই অধিসূচনা জাৰি কৰা হয়।
পাছপ’ৰ্ট হেৰাই গ’লেও বা ক্ষতিগ্ৰস্ত হ’লেও এইবাৰ আগৰ তুলনাত অধিক ধন দিব লাগিব। পাছপ’ৰ্ট হেৰাই গ’লে বা নষ্ট হ’লে এতিয়া ৩৬ পৃষ্ঠাৰ নতুন পাছপ’ৰ্টৰ বাবে ৫ হাজাৰ টকা দিব লাগিব৷ তৎকাল বিচাৰিলে ৭৫০০ টকা দিব লাগিব। পাছপ’ৰ্ট হেৰাই গ’লে বা নষ্ট হ’লে ৬০ পৃষ্ঠাৰ নতুন পাছপ’ৰ্ট লাভ কৰিবলৈ ৬ হাজাৰ টকা দিব লাগিব৷ তৎকাল হ’লে ৮৫০০ টকা দিব লাগিব।
১৮ বছৰৰ তলৰসকলে ৩৬ পৃষ্ঠাৰ নতুন পাছপ’ৰ্ট লাভ কৰিবলৈ ১৭৫০ টকা দিব লাগিব। তৎকালত সেই সেৱা লাভ কৰিব বিচাৰিলে ৪,২৫০ টকা দিব লাগিব। নাবালকৰ পাছপ’ৰ্ট হেৰাই গ’লে বা নষ্ট হ’লে নতুন পাছপ’ৰ্টৰ বাবে ৪২৫০ টকা দিব লাগিব৷ তৎকালত সেই পাছপ’ৰ্ট বনাবলৈ খৰচ হ’ব ৬৭৫০ টকা।
আৰক্ষী ক্লিয়াৰেন্স চাৰ্টিফিকেট (পিচিচি), পাছপ’ৰ্ট ছাৰেণ্ডাৰ চাৰ্টিফিকেট, গ্ল’বেল এণ্ট্ৰি প্ৰগ্ৰেম ভেৰিফিকেচন বা অন্যান্য পাছপ’ৰ্ট সম্পৰ্কীয় প্ৰমা-ণপত্ৰৰ বাবে দেশৰ বাসিন্দাসকলে ৭৫০ টকা দিব লাগিব। বিদেশত থাকিলে ৫০ মাৰ্কিন ডলাৰ দিব লাগিব। ভাৰতীয় মুদ্ৰাত এয়া প্ৰায় ৩৭০০ টকা।
শেষবাৰৰ বাবে পাছপ’ৰ্ট সেৱাৰ খৰচ ২০১২ চনত বৃদ্ধি কৰা হৈছিল। সেই সময়ত ৩৬ পৃষ্ঠাৰ পাছপ’ৰ্ট লাভৰ খৰচ ১০০০ টকাৰ পৰা ১৫০০ টকালৈ বৃদ্ধি পাইছিল। তৎকালত এই সেৱাৰ ব্যয় ২৫০০ টকাৰ পৰা ৩৫০০ টকালৈ বৃদ্ধি কৰা হৈছিল।











