
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে বাংলাদেশৰ নতুন ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিবেদীক (Dinesh Trivedi) কেবিনেট মন্ত্ৰীৰ (পূৰ্ণ মন্ত্ৰী) সমতুল্য মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত বুধবাৰে (২৪ জুন) কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰে।

গৃহ মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতি দি এক প্ৰতিবেদনত দাবী কৰা হৈছে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দীনেশ ত্ৰিবেদীক চৰকাৰী প্ৰট’কল তালিকা বা ‘টেবুল অব প্ৰেচিডেন্স’ত পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা দিয়া হৈছে। এই নিৰ্দেশনা মূলতঃ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আৰু প্ৰট’কল সম্পৰ্কীয় আনুষ্ঠানিকতাৰ বাবে প্ৰযোজ্য হ’ব।
ইয়াক সম্পূৰ্ণৰূপে তেওঁৰ ব্যক্তিগত ৰেংক হিচাপে গণ্য কৰা হ’ব। ইয়াৰ বাবে ভাৰতৰ মূল ‘টেবুল অব প্ৰেচিডেন্স’ অৰ্থাৎ স্থায়ী প্ৰট’কল তালিকাত কোনো সাধাৰণ সংশোধনী বা পৰিৱৰ্তন কৰা হোৱা নাই। ৰাজনৈতিক আৰু কূটনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে, এজন উচ্চায়ুক্তক পূৰ্ণ মন্ত্ৰীৰ সমতুল্য মৰ্যাদা দিয়াটো অতি বিৰল পৰিঘটনা।
ইয়াৰ দ্বাৰা বাংলাদেশৰ শীৰ্ষ ৰাজনৈতিক আৰু প্ৰশাসনিক পৰ্যায়ৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব। পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত সিদ্ধাৰ্থ শংকৰ ৰায়ে ১৯৯২-৯৬ চনলৈ আমেৰিকাত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে পূৰ্ণ মন্ত্ৰীৰ সমতুল্য মৰ্যাদা লাভ কৰিছিল। উল্লেখ্য যে দীনেশ ত্ৰিবেদী পূৰ্বতে তৃণমূলৰ টিকটত পশ্চিমবংগৰ লোকসভা আৰু ৰাজ্যসভাৰ সাংসদো হৈ আহিছে।
প্ৰণয় বৰ্মাৰ ঠাইত চলিত মাহত বাংলাদেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰে। ঢাকাত থকা ভাৰতীয় দূতাবাসৰ দায়িত্ব দিয়া প্ৰথমজন ৰাজনৈতিক ব্যক্তি হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দীনেশ ত্ৰিবেদী। দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনত কংগ্ৰেছ, জনতা দল, তৃণমূল, বিজেপি আদি দলৰ পৰা তেওঁ ৰাজনীতি কৰিছে।











