
আমেৰিকা (America)ত অধ্যয়নৰত ভাৰতীয় কন্যা (Indian Girl) জাহ্নৱী কাণ্ডুলা (Jahnavi Kandula) আৰক্ষীৰ গাড়ী দুৰ্ঘটনাত নিহত হৈছিল। তেওঁৰ মৃত্যুৰ প্ৰায় তিনি বছৰৰ মূৰত গোচৰটো নিষ্পত্তি হয়। আমেৰিকাৰ স্থানীয় প্ৰশাসনে যুৱতীগৰাকীৰ পৰিয়ালক ২৯ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত ২৬২ কোটি টকা) ক্ষতিপূৰণ (Compensation) দিব।
২০২৩ চনত সংঘটিত হৈছিল এই ঘটনা। উক্ত বছৰৰ জানুৱাৰী মাহত আমেৰিকাৰ ছিয়াটলত ৰাস্তা পাৰ হৈ থকাৰ সময়ত আৰক্ষীৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত জাহ্নৱীৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱা পথটোৰ উক্ত অংশত গাড়ীখনৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ হ’ব লাগিছিল। কিন্তু আৰক্ষীৰ গাড়ীখন ঘণ্টাত ১১৯ কিলোমিটাৰ বেগত চলি আছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়।
সংবাদ সংস্থা এ পিৰ তথ্য অনুসৰি, সেইদিনা অত্যধিক ড্ৰাগছ সেৱনৰ এক ঘটনাৰ বিষয়ে আৰক্ষীয়ে জানিবলৈ পাইছিল। এই খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী বিষয়া কেভিন ডেনে দ্ৰুতগতিত দুৰ্ঘটনাস্থলীত উপস্থিত হ’বলৈ চেষ্টা কৰিছিল। তেৱেঁই গাড়ীখন চলাই আছিল। এ পিৰ প্ৰতিবেদন অনুসৰি, আৰক্ষী বিষয়াজনে ছাইৰেন আৰু ইমাৰ্জেন্সী লাইট জ্বলাই গাড়ী চলাই আহিছিল। কিন্তু ইয়াৰ মাজতে সংঘটিত হয় দুৰ্ঘটনাটো।

অন্ধ্ৰপ্ৰদেশৰ পৰা স্নাতকোত্তৰ অধ্যয়নৰ বাবে আমেৰিকালৈ যোৱা জাহ্নৱী দুৰ্ঘটনাটোত প্ৰায় ১০০ ফুট দূৰলৈ ছিটিকি পৰিছিল আৰু মৃত্যু হৈছিল। জানিব পৰা মতে, প্ৰথম অৱস্থাত ছিয়াটল আৰক্ষীয়ে এই দুৰ্ঘটনাক তুচ্ছজ্ঞান কৰিবলৈ চেষ্টা কৰিছিল। আৰক্ষীৰ গাড়ীখন ঘণ্টাত ৫০ কিলোমিটাৰ বেগত চলাই থকা বুলি উল্লেখ কৰি এই দুৰ্ঘটনাৰ দায়িত্ব ছাত্ৰীগৰাকীৰ ওপৰত জাপি দিয়া হয়।
লগতে অভিযোগ উত্থাপন হৈছে যে দুৰ্ঘটনাটোৰ পিছত বিষয়াগৰাকীয়ে কয়, “যিগৰাকী আঘাতপ্ৰাপ্ত ব্যক্তি তেওঁ বিশেষ ব্যক্তি নহয়, তেওঁ অতি সাধাৰণ মানুহ। এগৰাকী সাধাৰণ ছাত্ৰী। চিন্তা কৰিবলগীয়া একো নাই। মাত্ৰ প্ৰায় ১১ হাজাৰ ডলাৰ পেলাই দিলেই সমস্যা সমাধান হ’ব।” আমেৰিকাৰ আৰক্ষীৰ এনে আচৰণৰ বিৰুদ্ধে ভাৰতেও আমেৰিকাৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে। অৱশেষত প্ৰায় তিনি বছৰৰ মূৰত নিষ্পত্তি হয় গোচৰটো।
বুধবাৰে ছিয়াটল চিটিৰ এটৰ্নী এৰিকা ইভান্সে কয়, “জাহ্নৱী কাণ্ডুলাৰ মৃত্যু এক মৰ্মান্তিক পৰিঘটনা। আমি আশা কৰিছোঁ যে এই আৰ্থিক ক্ষতিপূৰণ কাণ্ডুলা পৰিয়ালৰ বাবে উপযোগী হ’ব। জাহ্নৱীৰ পৰিয়ালটো আৰু আপোনজনৰ বাবে মূল্যৱান জীৱন আছিল।” এ পিৰ বাতৰি অনুসৰি, শুকুৰবাৰে সকলো পক্ষই কিং কাউণ্টি ছুপিৰিয়েৰ কোৰ্টত নিষ্পত্তিৰ জাননী দাখিল কৰে।











