
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (United Nations Security Council)ৰ শেহতীয়া প্ৰতিবেদনত দাবী কৰা হৈছে যে লালকিল্লাৰ সমীপত সংঘটিত গাড়ী বোমা বিস্ফোৰণ (Car bomb explosion)ৰ সৈতে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদ (Jaish-e-Mohammed)ৰ সম্পৰ্ক থাকিব পাৰে। প্ৰতিবেদনত লগতে কোৱা হৈছে যে জৈছৰ মুৰব্বী মাছুদ আজহাৰে কেৱল মহিলা সন্ত্ৰাসবাদীৰ এটা দল সৃষ্টি কৰিছে। দিল্লী বিস্ফোৰণত জৈছ জড়িত থকাৰ সম্ভাৱনা ইতিমধ্যে উত্থাপন হৈছে। বিস্ফোৰণৰ পিছত চলোৱা অভিযানৰ সময়ত জম্মু-কাশ্মীৰৰ পৰা তদন্তকাৰীয়ে তুফাইল নিয়াজ ভাট নামৰ এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰে। তদন্তকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে যে তুফাইলৰ লগত জৈছৰ সম্পৰ্ক থাকিব পাৰে। লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণত ফৰিদাবাদৰ সন্ত্ৰাসবাদী ‘মডিউল’ৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছিল। সেই ‘মডিউল’ৰ পৰা গ্ৰেপ্তাৰ হোৱা প্ৰথমজন ব্যক্তি আছিল কাশ্মীৰৰ অনন্তনাগৰ চিকিৎসক আদিল আহমেদ ৰাথৰ। শ্ৰীনগৰতো জৈছৰ পোষ্টাৰ লগোৱাত ধৰা পৰে তেওঁ।
এইবাৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দিল্লী বিস্ফোৰণত জৈছ-ই-মহম্মদৰ জড়িত থকাৰ সম্ভাৱনাও উত্থাপন কৰা হৈছে। শেহতীয়াকৈ নিৰাপত্তা পৰিষদৰ ‘বিশ্লেষণাত্মক সহায় আৰু নিষেধাজ্ঞা নিৰীক্ষণ দল’-এ এক প্ৰতিবেদন দাখিল কৰিছে। ২৬ পৃষ্ঠাৰ প্ৰতিবেদনত লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণত ১৫ জন লোকৰ মৃত্যুৰ কথাও উল্লেখ আছে। প্ৰতিবেদনত কোৱা হৈছে, “এখন সদস্য ৰাষ্ট্ৰই বাতৰি প্ৰকাশ কৰিছে যে জইছ-ই-মহম্মদে বিভিন্ন ধৰণৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। ৯ নৱেম্বৰত নতুন দিল্লীৰ লালকিল্লাৰ ওচৰত সংঘটিত আক্ৰমণত তেওঁলোক জড়িত আছিল বুলিও জনা যায়।”

জৈছৰ সন্দৰ্ভত দিয়া প্ৰতিবেদনত লগতে কোৱা হৈছে যে শেহতীয়াকৈ জৈছৰ মুৰব্বী মহম্মদ মাছুদ আজহাৰে আনুষ্ঠানিকভাৱে নতুন শাখা সংগঠন ঘোষণা কৰিছে। কেৱল মহিলাৰে গঠিত এই সন্ত্ৰাসবাদী শক্তিৰ কাম হৈছে বিভিন্ন আক্ৰমণ কাৰ্যত সহায় কৰা। মহিলাৰে গঠিত সন্ত্ৰাসবাদী বাহিনীটোৰ নাম জামাত-উল-মুমিনাত। প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে, “আন এখন সদস্য ৰাষ্ট্ৰই উল্লেখ কৰিছে যে জৈছ-ই-মহম্মদ বৰ্তমান নিষ্ক্ৰিয়।”
উল্লেখ্য যে জৈছ এটা পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন। বিগত সময়ছোৱাত ভাৰতত জৈছৰ বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। ভাৰত আৰু পাকিস্তান দুয়ো ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সদস্য। অৱশ্যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ তালিকাত ভাৰত বা পাকিস্তান নাই। যদিও বৰ্তমান পাকিস্তান পৰ্যায়ক্ৰমে অস্থায়ী সদস্যৰ তালিকাত আছে, পূৰ্বে ভাৰতো তাত আছিল। কিন্তু নিৰাপত্তা পৰিষদৰ প্ৰতিবেদনত কোন দুখন সদস্য ৰাষ্ট্ৰৰ পৰা এই তথ্য লাভ কৰা হৈছে সেই কথা প্ৰকাশ কৰা হোৱা নাই।











