
বেংগালুৰু (Bengaluru)ৰ এখন বিলাসী হোটেলত স্পা (Spa) কৰি থকা অৱস্থাত এগৰাকী মহিলাক নিৰ্যাতন (Violence against women) চলোৱাৰ অভিযোগ উত্থাপন (Raise a complaint) হৈছে। অভিযুক্তজন স্পাৰ থেৰাপিষ্ট। আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকী কানাডাৰ বাসিন্দা। মঙলবাৰে তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হয়।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, যোৱা শুকুৰবাৰে এই ঘটনা পোহৰলৈ আহে। এগৰাকী লোকে ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত মহিলাগৰাকীৰ সৈতে হোৱা অশ্লীল আচৰণৰ বিষয়ে লিখি বেংগালুৰু আৰক্ষীক টেগ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ইয়াৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে।

বিধান সৌধ আৰক্ষী থানাত দাখিল কৰা এজাহাৰত ৪৪ বছৰীয়া ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে হোটেলখনৰ স্পাত মালিচ কৰি থকাৰ সময়তে থেৰাপিষ্টগৰাকীয়ে তেওঁৰ লগত অশ্লীল আচৰণ কৰিছিল আৰু তেওঁৰ শৰীৰত আপত্তিজনকভাৱে স্পৰ্শ কৰিছিল। এজন তদন্তকাৰী আৰক্ষী বিষয়াই কয়, “ভুক্তভোগী মহিলাগৰাকী পঞ্জাবৰ বাসিন্দা। কিন্তু এতিয়া তেওঁ কামৰ বাবে কানাডাত থাকে। আমি তদন্ত কৰি আছোঁ যে তেওঁ দেশখনৰ নাগৰিকত্ব লৈছেনে নাই। তেওঁ ব্যক্তিগত ব্যৱসায়ত হোটেলখনলৈ আহিছিল।”
আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে যদিও অভিযুক্তক চিনাক্ত কৰা হৈছে, তথাপিও তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই। তদন্তৰ অগ্ৰগতিৰ পিছত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জনাইছে।










