
মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) যোগেদি সৃষ্টি হোৱা ‘কণ্টেণ্ট’ৰ কথা উল্লেখ কৰিব লাগিব। ইয়াৰ লগতে কোৱা হৈছে যে যদি কোনো আদালত, আৰক্ষী বা চৰকাৰে কোনো কণ্টেণ্ট ডিপফেক (Deepfake Video) বা অবৈধ বুলি চিনাক্ত কৰি আঁতৰাবলৈ কয়, তেন্তে ছ’চিয়েল মিডিয়া কোম্পানীয়ে তিনি ঘণ্টাৰ ভিতৰত প্লেটফৰ্মৰ পৰা আঁতৰাব লাগিব।

ইয়াৰ পূৰ্বে মেটা, ইউটিউব, এক্সৰ দৰে কোম্পানীয়ে এই কাম কৰিবলৈ ৩৬ ঘণ্টা সময় পাইছিল। এতিয়া সেই সময় কমি যোৱাৰ লগে লগে কোম্পানীসমূহে হেঁচা প্ৰয়োগ কৰিব পাৰে। নৰেন্দ্ৰ মোদীৰ চৰকাৰে তথ্য প্ৰযুক্তি আইন, ২০২১ সংশোধন কৰিছে। মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে এই সংশোধনী সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে।
২০ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই আইন। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ বেয়া প্ৰভাৱ নিয়ন্ত্ৰণৰ উদ্যোগ লৈছে। সেয়ে নতুন আইন অনাৰ পৰিৱৰ্তে বৰ্তমানৰ আইনখন সংশোধনৰ পথত আগবাঢ়িছে। বিশ্বাস কৰা হয় যে এই সংশোধিত আইনখনৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি কৰা বিষয়বস্তু, ডিপফেক ভিডিঅ’ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব।
সংশোধিত আইনখনত উল্লেখ কৰা হৈছে যে ছ’চিয়েল মিডিয়া আৰু ডিজিটেল কোম্পানীসমূহে নিশ্চিত কৰিব লাগিব যে কৃত্ৰিমভাৱে সৃষ্টি কৰা বিষয়বস্তু (কৃত্ৰিমভাৱে সৃষ্টি কৰা তথ্য) বুলি স্পষ্টভাৱে উল্লেখ কৰিব লাগিব যাতে ব্যৱহাৰকাৰীয়ে ইয়াক প্ৰকৃত বিষয়বস্তুৰ পৰা পৃথক কৰিব পাৰে। কিন্তু শিক্ষাৰ বাবে প্ৰদান কৰা বিষয়বস্তু বা শিল্পৰ যিকোনো বিষয়বস্তু কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি হ’লেও ইয়াক কৃত্ৰিমভাৱে সৃষ্টি কৰা তথ্য বুলি গণ্য কৰা নহ’ব। ইয়াৰ বিষয়ে বিষয়বস্তুত উল্লেখ কৰা নহ’ব।
কেন্দ্রীয় তথ্য আৰু প্রযুক্তি মন্ত্র্যালয়ে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত প্রৱঞ্চনা, শিশু নিৰ্যাতন, হাৰাশাস্তি, ভুৱা তথ্য বা অপৰাধৰ বাবে উচটনি দিয়া কোনো কণ্টেণ্ট সৃষ্টি কৰিলে বৰ্তমানৰ আইন অনুসৰি অবৈধ অনলাইন কণ্টেণ্ট বুলি গণ্য কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ যদি আইন মানি নচলে তেন্তে আইন অনুসৰি ব্যৱহাৰকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।











