
ৰাষ্ট্ৰীয় গান ‘বন্দে মাতৰম’ (Vande Mataram) গোৱাৰ নিয়ম নিৰ্ধাৰণ কৰিছে কেন্দ্ৰই। জাতীয় সংগীত ‘জন গণ মন’ৰ দৰে এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠানত পৰিবেশন কৰিব লাগিব ৰাষ্ট্ৰীয় গানটো। ‘বন্দে মাতৰম’ পৰিবেশনৰ সময়ত সকলোৱে থিয় হ’ব লাগিব।

বুধবাৰে পুৱা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই সন্দৰ্ভত গাইডলাইন। জাতীয় সংগীতৰ দৰেই ইয়াৰ বাবে সময়সীমাও নিৰ্ধাৰণ কৰা হৈছে। ‘বন্দে মাতৰম’ৰ ছয়টা স্তৱক ১৯০ ছেকেণ্ড (৩ মিনিট ১০ ছেকেণ্ড) পৰিবেশন কৰিব লাগিব। কেন্দ্রৰ গাইডলাইনত কেতিয়া ‘বন্দে মাতৰম’ পৰিবেশন কৰা বাধ্যতামূলক সেই কথাও নিৰ্দিষ্ট কৰা হৈছে।
কোৱা হৈছে যে জাতীয় পতাকা উত্তোলনৰ সময়ত, চৰকাৰী অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ আগমন আৰু প্ৰস্থানৰ সময়ত, ৰাষ্ট্ৰপতিয়ে দেশবাসীলৈ ভাষণ দিয়াৰ আগত আৰু পিছত, চৰকাৰী অনুষ্ঠানত ৰাজ্যপাল আৰু উপ-ৰাজ্যপালৰ আগমন আৰু প্ৰস্থানৰ সময়ত, কোনো নাগৰিক সন্মান বা বঁটা দিয়াৰ সময়ত আৰু ৰাষ্ট্ৰীয় পতাকা এখন অনাৰ সময়ত ৰাষ্ট্ৰীয় গান পৰিবেশন কৰাটো বাধ্যতামূলক কৰা হৈছে।
বৰ্তমান বিভিন্ন চৰকাৰী অনুষ্ঠানত জাতীয় সংগীত পৰিবেশন কৰা হয়। কিছুমান চৰকাৰী কাৰ্যসূচীত য’ত জাতীয় সংগীত পৰিবেশন কৰিব লাগে তাত পৰিবেশনৰ পৰম্পৰা আছে। এনে ক্ষেত্ৰত জাতীয় সংগীতৰ আগত ৰাষ্ট্ৰীয় গান পৰিবেশন কৰিব লাগিব বুলি কেন্দ্ৰই কৈছে। সেই সময়ত সকলোৱে থিয় হ’ব লাগিব। লগতে ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ সময়ত সকলোৱে হাত মিলাব লাগিব বুলিও প্ৰস্তাৱ দিয়া হৈছে।
উল্লেখ্য যে বংকিম চন্দ্ৰ চেটাৰ্জীৰ দ্বাৰা ৰচিত দেশপ্ৰেমমূলক গীত বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে। ১৮৭৫ চনত ৰচিত এই গীতটি ১৮৮২ চনত ‘আনন্দমঠ’ উপন্যাসত প্রথম প্রকাশিত হৈছিল৷ জাতীয় সংগীতৰ সমান্তৰালকৈ দেশৰ সংবিধানেও এই গীতটোক সমান মৰ্যাদা আৰু স্বীকৃতি প্ৰদান কৰিছে। কিন্তু এতিয়ালৈকে ইয়াৰ পৰিবেশনৰ কোনো সুকীয়া নিয়ম নিৰ্ধাৰণ কৰা হোৱা নাছিল।
বিজেপিয়ে বাৰে বাৰে ৰাষ্ট্ৰীয় গানৰ মৰ্যাদা বৃদ্ধিৰ পোষকতা কৰি আহিছে।
কংগ্ৰেছে এই গীতটোৰ এটা গুৰুত্বপূৰ্ণ পদ্য বাতিল কৰাৰ অভিযোগো উত্থাপন কৰিছে। সূত্ৰ অনুসৰি, অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ে যোৱা জানুৱাৰী মাহত দিল্লীত ৰাষ্ট্ৰীয় গানৰ মৰ্যাদা বৃদ্ধিৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰিছিল। তাত কেইবাজনো উচ্চপদস্থ বিষয়া আৰু অন্যান্য মন্ত্ৰালয়ৰ বিষয়াই অংশগ্ৰহণ কৰে।
ইয়াৰ লগতে বিদ্যালয়সমূহত পুৱা প্ৰাৰ্থনাৰ সময়ত বা বিদ্যালয়ৰ যিকোনো অনুষ্ঠানত সামূহিক কণ্ঠত ৰাষ্ট্ৰীয় গান গোৱাৰ প্ৰস্তাৱ দিয়া হৈছে। গাইডলাইনত উল্লেখ আছে যে বিদ্যালয় কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় গান আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ সন্মান বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰি কোনো অনুষ্ঠান, যিটো ঘোষিত চৰকাৰী কাৰ্যসূচী নহয়, মন্ত্ৰীৰ উপস্থিতিৰ বাবে যদি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়, তেন্তে তাত ৰাষ্ট্ৰীয় গানটোও পৰিবেশন কৰিব পাৰি।
‘হিন্দুস্তান টাইমছ’ৰ মতে, ১০ পৃষ্ঠাৰ গাইডলাইনত এইটোও উল্লেখ কৰা হৈছে যে যদি ৰাষ্ট্ৰীয় গানটো চিনেমাৰ অংশ হিচাপে পৰিৱেশিত হয়, তেন্তে সকলোৱে থিয় দিয়াটো বাধ্যতামূলক নহয়। এনে ক্ষেত্ৰত থিয় হৈ থাকিলে দৰ্শকৰ বাবে চিনেমা চাবলৈ সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু বিশৃংখলতাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় গানক সন্মান জনোৱাৰ পৰিৱৰ্তে বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰালয়ে মত প্ৰকাশ কৰিছে।










