ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

T20 World Cup । ভাৰত-পাক মেচ বিতৰ্ক: মান বচাবলৈ পাকিস্তান ব’ৰ্ডৰ অধ্যক্ষই নিজেই বাংলাদেশলৈ লিখিছে পত্ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 10, 2026
Reading Time: 1 min read
A A
0
প্ৰথম প্ৰতিদ্বন্দ্বী চিৰবৈৰী পাকিস্তান : দেওবাৰে বিশ্বকাপ টি-২০ৰ অভিযান আৰম্ভ কৰিব ভাৰতে

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

পাকিস্তান চৰকাৰে মাত্ৰ ৮ দিনৰ ভিতৰতে বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে খেলাৰ সিদ্ধান্ত লৈছে। কিন্তু তেওঁলোক কেনেদৰে নৰম হ’ল আৰু ১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ মেচ কেনেকৈ সম্ভৱ হ’ল তাৰ আঁৰৰ কাহিনী পোহৰলৈ আহিছে।

T20 World Cup ।
মান বচাবলৈ পাকিস্তান ব’ৰ্ডৰ অধ্যক্ষই নিজেই বাংলাদেশলৈ লিখিছে পত্ৰ:

সংবাদ সংস্থা পি টি আইৰ মতে, পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীয়ে নিজেই বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক চিঠি লিখিব লাগে বুলি কয়। সেই চিঠিত যেন লিখা থাকে যে বি চি বিয়ে পাকিস্তান ব’ৰ্ডক ভাৰতৰ বিৰুদ্ধে মেচ খেলিবলৈ অনুৰোধ জনাইছে।

১ ফেব্ৰুৱাৰীত পাকিস্তান চৰকাৰে ঘোষণা কৰিছিল যে বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে মেচখনত তেওঁলোকেল খেলিব নোৱাৰিব। তেতিয়াৰ পৰাই আৰম্ভ হৈছে নাটক আৰু বিতৰ্ক। বিভিন্ন দেশৰ ক্ৰিকেট ব’ৰ্ডে পাকিস্তানক এই মেচ খেলিবলৈ হেঁচা প্ৰয়োগ কৰিছে। কাৰণ, ভাৰত-পাকিস্তানৰ মেচ যদি নহয় তেতিয়া আই চি চিৰ বহুত টকাৰ ক্ষতি হ’ব।

আৰু তাৰ ফলত সকলো দেশেই ক্ষতিগ্ৰস্ত হ’ব। কাৰণ আই চি চিয়ে বিভিন্ন দেশৰ মাজত যি লাভ বিতৰণ কৰে সেয়াও কমি যাব।
ক্ৰমান্বয়ে পাকিস্তানৰ ওপৰত এই হেঁচা বৃদ্ধি পায়। বাংলাদেশৰ উপৰি শ্ৰীলংকা আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ ব’ৰ্ডেও পাকিস্তানলৈ পত্ৰ লিখে।

পাকিস্তান ব’ৰ্ডে বুজি পালে যে তেওঁলোকৰ সিদ্ধান্ত সলনি কৰাৰ বাহিৰে আন উপায় নাই। কিন্তু যদি তেওঁলোকে পোনপটীয়াকৈ পূৰ্বৰ স্থিতিৰ বিপৰীতে ১৫ ফেব্ৰুৱাৰীত ভাৰত-ভাৰতৰ মেচ খেলিবলৈ সন্মত হ’লহেঁতেন তেন্তে কোনো মান নাথাকিলহেঁতেন।

পি টি আইৰ মতে, সেইবাবেই নাকৱীয়ে বাংলাদেশৰ ব’ৰ্ডক পত্ৰযোগে তেওঁলোকক কয় যেন পাকিস্তানে ভাৰতৰ বিৰুদ্ধে মেচখন খেলে। সেই চিঠিখনৰ কথা মনত ৰাখি নাকৱীয়ে দাবী কৰিছিল যে বাংলাদেশে অনুৰোধ কৰাৰ বাবেহে তেওঁলোকে খেলিবলৈ সন্মত হৈছে।

সোমবাৰে নিশা নাকৱীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে দেওবাৰে আই চি চি আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সৈতে বৈঠকত মিলিত হয় নাকৱী। উক্ত বৈঠকৰ বিষয়ে নাকৱীয়ে শ্বাহবাজ শ্বৰীফক অৱগত কৰিছিল।

তাতে তেওঁ কয় যে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে পাকিস্তানক ভাৰতৰ বিৰুদ্ধে মেচখন খেলিবলৈ অনুৰোধ জনাইছে। সংযুক্ত আৰব আমিৰশ্বাহী আৰু শ্ৰীলংকাৰ পৰাও একেই অনুৰোধ আহিছিল। কোৱা হৈছে যে এই অনুৰোধৰ পিছত পাকিস্তানৰ শীৰ্ষ নেতৃত্বই মেচখন খেলাৰ সিদ্ধান্ত লয়।

পাকিস্তান চৰকাৰে এক বিবৃতিত কয়, “বন্ধুত্বপূৰ্ণ দেশৰ বিভিন্ন আলোচনা আৰু অনুৰোধৰ অন্তত পাকিস্তান চৰকাৰে নিজৰ ক্ৰিকেট দলটোক ভাৰতৰ বিৰুদ্ধে খেলিবলৈ নিৰ্দেশ দিছে। ক্ৰিকেটৰ সংস্কৃতি ৰক্ষা আৰু সদস্য দেশৰ মাজত ক্ৰিকেটক অধিক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।” পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ আশা কৰিছে যে ক্ৰিকেটাৰসকলে খেলপথাৰত ক্ৰীড়াসুলভ আচৰণ বজাই ৰাখিব।

উল্লেখ্য যে সোমবাৰে নিশা বি চি বিয়েও এক বিবৃতি প্ৰকাশ কৰি পাকিস্তানক আনুষ্ঠানিকভাৱে ভাৰতৰ বিৰুদ্ধে মেচখন খেলিবলৈ অনুৰোধ জনায়। বাংলাদেশ ব’ৰ্ডে বিবৃতিটোত লিখিছে, “বি চি বিয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ড, আই চি চি আৰু আন সকলো পক্ষকে শেহতীয়াকৈ বিভিন্ন বিষয়ত উদ্ভৱ হোৱা সমস্যাসমূহৰ ইতিবাচক ভূমিকা লোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

পি চি বিৰ অধ্যক্ষ মহছিন ৰাজা নাকৱী, তেওঁৰ ব’ৰ্ড আৰু পাকিস্তানী অনুৰাগীসকললৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।” বি চি বিৰ বিবৃতিত আমিনুলে কয়, “পাকিস্তানে এই কঠিন সময়ত বাংলাদেশক সমৰ্থন কৰিবলৈ যিদৰে সামৰ্থ্যৰ বাহিৰলৈ গৈছে, তাক দেখি আমি গভীৰভাৱে উৎসাহিত হৈছো। আমাৰ ভাতৃত্ববোধ জীয়াই থাকক।”

লগতে তেওঁ কয়, “কালি আমাৰ পাকিস্তানৰ চুটি ভ্ৰমণৰ ফলাফল আৰু যি আলোচনা হৈছিল তাৰ ভিত্তিত আমি পাকিস্তানক অনুৰোধ জনাইছোঁ যে ১৫ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে মেচখন খেলিব লাগে। ইয়াৰ দ্বাৰা সমগ্ৰ ক্ৰিকেট পৰিৱেশতন্ত্ৰই লাভৱান হ’ব।” উল্লেখ্য যে পাকিস্তানৰ বিদ্ৰোহৰ কাৰণ আছিল বাংলাদেশক বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰা। সোমবাৰে নিশা আই চি চিয়েও এক বিবৃতি প্ৰকাশ কৰে।

তেওঁলোকে কয়, “শেহতীয়া পৰিস্থিতিৰ বাবে বাংলাদেশক কোনো ধৰণৰ আৰ্থিক, ক্ৰীড়া বা প্ৰশাসনিক শাস্তি দিয়া নহ’ব। প্ৰয়োজন হ’লে বাংলাদেশে সমস্যা সমাধান সমিতিৰ ওচৰত আবেদন কৰিব পাৰে। সদস্য দেশসমূহৰ প্ৰতি থকা নিৰপেক্ষতা আৰু ন্যায়ৰ কথা মনত ৰাখি আই চি চিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। শাস্তি দিয়াৰ পৰিৱৰ্তে সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে।”

বৈঠকত হোৱা আলোচনা অনুসৰি, আগন্তুক পাঁচ বছৰৰ ভিতৰত অৰ্থাৎ ২০৩১ চনৰ ভিতৰত বাংলাদেশত আই চি চি প্ৰতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই প্ৰতিযোগিতা ২০৩১ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত হ’ব। বাংলাদেশ এখন বৃহৎ প্ৰতিযোগিতা আয়োজন কৰিবলৈ দক্ষ আৰু সক্ষম বুলি বিশ্বাসেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আই চি চিয়ে।

আইচিচিৰ মুখ্য কাৰ্যবাহী সঞ্জয় গুপ্তাই কয়, “টি-২০ বিশ্বকাপত বাংলাদেশ নথকাৰ বাবে আক্ষেপ থাকিব। অৱশ্যে বাংলাদেশক ক্ৰিকেট ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দায়িত্বৰ পৰা আই চি চিয়ে আঁতৰি নাযায়। আই চি চিয়ে বাংলাদেশৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব বিচাৰে, যাতে ভৱিষ্যতে দেশখনত ক্ৰিকেটৰ বিকাশ ঘটিব পাৰে।”

Tags: অধ্যক্ষই নিজেই বাংলাদেশলৈ লিখিছে পত্ৰভাৰত-পাক মেচ বিতৰ্ক:মান বচাবলৈ পাকিস্তান ব’ৰ্ডৰ
Share4Tweet3Send

Related Posts

Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

by Staff Reporter
May 12, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

by Staff Reporter
May 12, 2026
50
Fuel price review : ১৫ দিনৰ মূৰে মূৰে পুনৰীক্ষণ হ’ব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
National-International

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

by Staff Reporter
May 12, 2026
50
Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই
National-International

Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই

by Staff Reporter
May 12, 2026
50
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
ADVERTISEMENT
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026
50
Fuel price review : ১৫ দিনৰ মূৰে মূৰে পুনৰীক্ষণ হ’ব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
National-International

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx