
বোকাখাত (Bokakhat)ৰ ৰাজপথত এতিয়া নিয়ন্ত্ৰণহীন যানবাহন। বিশেষকৈ বোকাখাতৰ ৰাজপথত ডাম্পাৰ (Dumper)ৰ দৌৰাত্ম্যত পূৰ্বেও ঘটিছে বহু অঘটন। আজি বোকাখাতৰ বিহৰাত ঘটা এক শোকাবহ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ বোকাখাত। বোকাখাতৰ বিহৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণহীন ডাম্পাৰে আজি অংগনবাড়ী বিদ্যালয়ৰ এটি কণমানি ছাত্ৰক পুৱাই মহতিয়াই নিয়াৰ ফলত ঠিতাতে নিহত হয় শিশুটি (Deceased child)।
জানিব পৰা মতে বিহৰাৰ বাগিচাৰ ১২ নম্বৰ লাইনৰ বিৰাজ মুণ্ডা নামৰ ছাত্ৰজন বিদ্যালয়লৈ গৈ থকা অৱস্থাত তীব্ৰ বেগী বালি কঢ়িওৱা পঞ্জীয়ন নম্বৰ এ এচ ০৫ এ চি ৭১৪৫ নম্বৰৰ ডাম্পাৰখনে খুন্দিওৱাৰ ফলত ঠিতাতে নিহত হয় ছাত্ৰজন।

ঘটনাস্থলীত স্থানীয় ৰাইজ গোট খায় আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পাছত বোকাখাত যান বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। বৰ্তমান পলাতক অৱস্থাত আছে ডাম্পাৰৰ চালক (dumper driver is on the run)।
আনহাতে কনমানি ছাত্ৰজনৰ এনে শোকাবহ মৃত্যুত পৰিয়াল, স্থানীয় ৰাইজৰ লগতে দুখত ভাগি পৰিছে বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী। ৰাজপথত আন যান-বাহনৰ লগতে ডাম্পাৰৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। আনহাতে বোকাখাতৰ পৰা নুমলীগড়ৰ মাজেদি যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি প্ৰতিদিনে কমপক্ষেও দহ হাজাৰ গাড়ী চলে। গতিকে নুমলীগড়ৰ পৰা প্ৰস্তাৱিত চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম অনতিপলমে আৰম্ভ কৰিবলৈও ৰাইজে দাবী জনাইছে।











