
আজি হৈছে আহোমসকলৰ পবিত্ৰ উৎসৱ মে-ডাম-মে-ফী (Me-dam me-phi)। ৰাজ্যজুৰি অতি উলহ-মালহেৰে উদযাপন কৰা হৈছে এই মে-ডাম-মে-ফী। গুৱাহাটীতো কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে মেডাম-মে-ফীৰ অনুষ্ঠান।

গুৱাহাটীৰ নটবমাত আয়োজিত কেন্দ্ৰীয় মে-ডাম-মে-ফী অনুষ্ঠানত শনিবাৰে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ নটবমাৰ চ্যুকাফা নগৰত অনুষ্ঠিত এই অনুষ্ঠানত চ্যুকাফা ক্ষেত্ৰত আহোম স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ এটা বিশাল প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
এই প্ৰতিমূৰ্তিটো উন্মোচন কৰি স্বৰ্গদেউ চাওলুং চ্যুকাফাই বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি বৰ অসমৰ ভেটি গঢ়িছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। লগতে তেওঁ অসমবাসীৰ শান্তি, সমৃদ্ধি আৰু কুশল কামনাৰে পূৰ্বপুৰুষক প্ৰাৰ্থনা জনায়।
ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে কেন্দ্ৰীয় মন্ত্রী পৱিত্র মাৰ্ঘেৰিটাই বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মে-ডাম-মে-ফী উদযাপন সমিতিৰ সহযোগত এই ক্ষেত্রখনৰ উন্নয়নৰ বাবে কাম কৰিছে আৰু ক্ষেত্রখনৰ পৰৱৰ্তী উন্নয়নৰ বাবে ২ কোটি টকা অনুমোদন জনাব বুলিও উল্লেখ কৰে।












