
দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীৰে বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)৷ বৃহস্পতিবাৰে নিশা ডিব্ৰুগড়ত কটাই শুকুৰবাৰে ডিব্ৰুগড়ৰ অসম সচিবালয় আৰু বন্যপ্ৰাণী গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে৷ লগতে তেওঁ কেইবাটাও চৰকাৰী, সাংস্কৃতিক আৰু দলৰ সাংগঠনিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

আনহাতে, ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়াম প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কামৰো শুভাৰম্ভ কৰিব। উল্লেখ্য যে ডিব্ৰুগড়ৰ নতুন বিধানসভা চৌহদটো অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি ৰাজ্য চৰকাৰৰ সূত্ৰত প্ৰকাশ৷ ডিব্ৰুগড়ৰ কাৰ্যসূচীৰ অন্তত দিনৰ ১২.১৫ বজাত তেওঁ ধেমাজিলৈ ৰাওনা হ’ব।
ধেমাজিত অনুষ্ঠিত হ’বলগা দশম মিচিং সাংস্কৃতিক মহোৎসৱত তেওঁ অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ পিছত সন্ধিয়া তেওঁ গুৱাহাটীলৈ ৰাওনা হ’ব। গুৱাহাটীত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অমিত শ্বাহে দলীয় বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব।
এই বৈঠকত দলৰ সাংগঠনিক বিষয়, আগন্তুক ৰাজনৈতিক কাৰ্যসূচী, বিধানসভা নিৰ্বাচন আৰু তৃণমূল পৰ্যায়ত দলৰ ভেটি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব পাৰে বুলি অনুমান কৰা হৈছে।












