ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত, ১৮ ফেব্ৰুৱাৰীঃ বোকাখাতৰ কমাৰগাঁও মহাবিদ্যালয়ৰ কেৰিয়াৰ পৰামৰ্শ আৰু তত্ববধায়ক কোষৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰিণ মান নিশ্চিতকৰণ কোষ (IQAC ) ৰ সহযোগত আজি স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰী সকলৰ কেৰিয়াৰ তথা ভৱিষ্যতৰ জীৱিকা আৰ্জনৰ উপায় শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হয় ৷ অসমৰ প্ৰতিষ্ঠিত “কেৰিয়াৰ গুৰু“ তথা তেজপুৰস্থ জি.আই.এম.টি. ৰ অধ্যক্ষ ড০ বুলজিৎ বুঢ়াগোঁহাইয়ে সমল ব্যক্তি হিচাবে উপস্থত থাকে ৷ কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজুলী বৰচেতীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেৰিয়াৰ সজাগতা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ আই.কিউ.এ.চি. চেলৰ অন্যতম সদস্য তথা ক্ষেত্ৰ পৰীক্ষণ কেন্দ্ৰৰ মহকুমা কৃষি বিষয়া অলকানন্দ কাকতিয়েও অংশ গ্ৰহণ কৰে ৷
অনুষ্ঠানত আই.কিউ.এ.চি. চেলৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক অঞ্জন শইকীয়াই ড০ বুলিজিৎ বুঢ়াগোহাইৰ ব্যক্তিগত পৰিচয় আৰু কাৰ্যাৱলীৰ বিষয়ে এখনি প্ৰতিবেদন আগ বঢ়ায় ৷ সহকাৰী অধ্যাপক নিতুল কুমাৰ বৰাই অনুষ্ঠানৰ আৰম্ভনী কৰে ৷এই অনুষ্ঠানত কেৰিয়াৰ গুৰু ড০ বুলজিৎ বৰগোহাইয়ে ছাত্ৰ ছাত্ৰীসকলে কিদৰে কৰ্মসংস্থান লাভৰ বাবে আগবাঢ়িব লাগিব, এ.পি.এচ.ছি., ইউ.পি.এচ.ছি. ষ্টাফ চিলেকচনৰ পৰীক্ষা দিব, ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা কি ইত্যাদিৰ ওপৰত আলোকপাত কৰে ৷ কেৰিয়াৰ গুৰুজনে চৰকাৰী, বেচৰকাৰী খণ্ড তথা স্বনিয়োজনৰ বিভিন্ন উপায়ৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিয়ে ৷
ড০ বুলজিৎ বুঢ়াগোহাইয়ে লগতে জনায় যে প্ৰতি শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত ফোনযোগেও কেৰিয়াৰ পৰামৰ্শ লব পাৰিব ৷ এগৰাকী ছাত্ৰীৰ কৃষিৰ প্ৰতি আগ্ৰহ আৰু সেইসম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়ে মহকুমা কৃষি বিষয়া অলকানন্দ কাকতিয়ে ৷ অনুষ্ঠানটোত কেৰিয়াৰ কাউন্সেলিং কোষৰ সমন্বয়ক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰবীন হাজৰিকাই সক্ৰিয় সহযোগ আৰু অংশগ্ৰহণ কৰে ৷ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষক তথা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক আৰু কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড০ গায়ত্ৰী বৰাই ৷