
ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড (Rangia Robbery)। ৰঙিয়াৰ কৰৰা নামৰ ঠাইত সংঘটিত হৈছে এই ডকাইতি কাণ্ড। গৌতম কলিতা নামৰ লোকজনৰ ঘৰত তিনি ডকাইতে সংঘটিত কৰে লোমহৰ্ষক ডকাইতি কাণ্ড।

গৌতম কলিতাৰ ডিঙি ৰেপি ডকাইতে লুট কৰে ১৮ লাখ টকা। পিছত গৌতম কলিতাক বাৰীৰ পিছফালে অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ তদন্তত নামিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।












