![]()
সোমবাৰে দেশজুৰি উদযাপন কৰা হৈছে ৭৭ সংখ্যক গণৰাজ্য দিৱস (77th Republic Day)। নতুন দিল্লীত আয়োজিত এই গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনহাতে, কেইবাগৰাকীও বিদেশী অতিথি আৰু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হয় দেশৰ শৌৰ্য-বীৰ্য আৰু সাংস্কৃতিক ঐতিহ্য প্ৰতিফলিত কৰা পেৰেড। পূৰ্বৰ পৰম্পৰা অনুসৰিয়ে এইবাৰে দেশৰ সকলো বাহিনী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে কুচকাৱাজ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন ৰাজ্যৰ চহকী সংস্কৃতি প্ৰদৰ্শন কৰা হয়। এইবাৰ অসমৰ পৰা এই পেৰেডত স্থান লাভ কৰিছে ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁৱৰ বিখ্যাত টেৰাকোটা শিল্পই।

উত্তৰ-পূৰ্বাঞ্চলৰ বিখ্যাত টেৰাকোটা শিল্পক (Terracotta art) প্ৰদৰ্শন কৰি সোমবাৰে কর্তব্য পথত গণৰাজ্য দিৱসত আশাৰীকান্দি গাঁৱৰ এই শিল্পক দেশবাসীৰ সন্মুখত দাঙি ধৰা হয়৷ পেৰেডত অসমৰ প্ৰতীকপট হিচাপে ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁৱৰ টেৰাকোটা শিল্প আৰু ইয়াৰ শিল্পীসকলক প্ৰতিফলিত কৰা হয়। ইয়াৰ লগে লগে শতিকা পুৰণি আশাৰীকান্দিৰ টেৰাকোটা শিল্প আৰু ইয়াৰ লগত জড়িত শিল্পীসকলে এক নতুন মাত্ৰা লাভ কৰে। অসমৰ প্ৰতীকপটৰ সন্মুখত এটা আকৰ্ষণীয় টেৰাকোটা মূৰ্তি স্থাপন কৰি ইয়াৰ চাৰিওফালে বৃত্তাকাৰভাৱে একোটাকৈ মাটিৰ চাকি সজোৱা হয়। ই পোহৰ, ধাৰাবাহিকতা আৰু পৰম্পৰাৰ প্ৰতীকক প্ৰতিনিধিত্ব কৰে। আনহাতে, বাহনখন সজোৱা হয় বাঁহেৰে। ময়ূৰপংখী নাৱৰ আৰ্হিত সজ্জিত এই বাহনখনত শিল্পীসকলে হীৰামতীক (মাটি) দেৱ-দেৱীৰ ঐশ্বৰিক আকৃতি হিচাপে গঢ় দি থকা দেখা যায় আৰু ই এই শিল্পবিধৰ সৃষ্টিশীল প্ৰক্ৰিয়া আৰু আধ্যাত্মিক সাৰমৰ্মক প্ৰতিভাত কৰে।
ইফালে প্ৰতীকপটৰ লগত অসমৰ পাট-মুগাৰ পোছাক পৰিহিতি গাভৰুৱে বিহুনৃত্য প্ৰদৰ্শন কৰি আগবাঢ়ে।












