
আজি সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৭৭ সংখ্যক গণৰাজ্য দিৱস (Republic Day)। অসমৰ বিভিন্ন প্ৰান্ততো বিস্তৃত কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। এইবাৰে ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয় ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ত।

উল্লেখ্য যে ডিব্ৰুগড়ত দ্বিতীয়টো অসম সচিবালয় মুকলি কৰাৰ পিছত দ্বিতীয় ৰাজধানী হিচাপে পৰিগণিত হৈছে ডিব্ৰুগড়। আনহাতে, গুৱাহাটীত স্বাধীনতা দিৱস আৰু ডিব্ৰুগড়ত গণৰাজ্য দিৱস উদযাপনৰ এক পৰম্পৰা সৃষ্টি কৰা হৈছে।
সেই অনুসৰি সোমবাৰে ডিব্ৰুগড়ত দ্বিতীয়বাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে এই কাৰ্যসূচীক লৈ ডিব্ৰুগড়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল।
ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পতাকা উন্মোচনৰ পিছত মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰে আৰু পেৰেডৰ অভিবাদন গ্ৰহণ কৰে।
কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা ডিব্ৰুগড়ৰ সচিবালয়ত মুখ্যমন্ত্ৰীয়ে গছপুলি ৰোপণ কৰি থানা চাৰিআলিত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। তাৰ পাছত খনিকৰ খেলপথাৰত স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে,
মুখ্যমন্ত্ৰীয়ে পতাকা উন্মোচনৰ সময়ত আকাশৰ পৰা হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি কৰা হয়।












