
ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম বঁটা। গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা ভাৰত চৰকাৰৰ সন্মানীয় এই অসামৰিক বঁটা ঘোষণা কৰা হয়। এইবাৰ দেশৰ সৰ্বমুঠ ১৩১ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে সন্মানীয় পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা। ইয়াৰে ভিতৰত ৫ গৰাকীলৈ পদ্ম বিভূষণ, ১৩ গৰাকীলৈ পদ্মভূষণ আৰু ১১৩ গৰাকীলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে।

আনহাতে, অসমৰ পৰা এইবাৰ ৫ গৰাকী ব্যক্তিলৈ সন্মানীয় পদ্মশ্ৰী বঁটাৰ নাম মনোনীত কৰা হৈছে। তেওঁলোক হৈছে :
১. প্রসিদ্ধ চিত্ৰ-ভাস্কর্য শিল্পী তথা কলা নির্দেশক নুৰুদ্দিন আহমেদ
২. ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে জ্যেষ্ঠ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থ (মৰণোত্তৰভাৱে)
![]()
৩. কার্বি আংলঙৰ প্রসিদ্ধ লোকশিল্পী পখিলা লেকথেপী
৪. কলাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে হৰিচৰণ শইকীয়া
৫. কৃষি আৰু ৰেচম উদ্যোগলৈ
আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে গোৱালপাৰাৰ ডঃ যোগেশ দেউৰীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী বঁটা।
মুখ্যমন্ত্ৰীৰ অসমৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা পাঁচগৰাকী ব্যক্তিক শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে পাঁচগৰাকী পদ্মশ্ৰী সন্মান লাভ কৰা ব্যক্তিক শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰীয়ে।
সামাজিক মাধ্যমৰ পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে, “আজিৰ দিনটোত অসমক সমৃদ্ধ কৰা আন এটি সুখবৰে আমাক সকলোকে ধন্য কৰি তুলিছে৷ কলা-সংস্কৃতিৰ জগতৰ পৰা সামাজিক-ৰাজনৈতিক ক্ষেত্ৰলৈ অতুলনীয় অৱদানেৰে অসমী আই তথা ভাৰতী আইৰ সেৱাত উজ্জ্বল নিদৰ্শন সৃষ্টি কৰি সকলোৰে আদৰ্শ হৈ পৰা ৰাজ্যৰ পাঁচগৰাকীকৈ স্বনামধন্য ব্যক্তিক পদ্মশ্ৰী সন্মানৰ বাবে বাছনি কৰা হৈছে৷ এই মহত্ত্বপূৰ্ণ ক্ষণত শ্ৰদ্ধাৰ শ্ৰীহৰিচৰণ শইকীয়া ডাঙৰীয়া, কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়া (মৰণোত্তৰভাৱে), নুৰুদ্দিন আহমেদ ডাঙৰীয়া, শ্ৰীমতী পখিলা লেকথেপি ডাঙৰীয়ানী, শ্ৰীযোগেশ দেউৰী ডাঙৰীয়ালৈ ৰাজ্যবাসীৰ হৈ অভিনন্দন জ্ঞাপন কৰিলোঁ৷”












