![]()
এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰ জিলা। সোমবাৰে সন্ধিয়া সংঘটিত এই ঘটনাৰ পিছতে মঙলবাৰেও উত্তপ্ত (Kokrajhar violence) পৰিস্থিতিৰ সৃষ্টি হয়। এক দুৰ্ঘটনাৰ পিছত উন্মাদ জনতাৰ গণপ্ৰহাৰত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।
ইফালে এই ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে দিনটো প্ৰতিবাদ আৰু প্ৰতিশাধত উত্তেজিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। ইয়াৰ উপৰি কেইবাঠাইতো অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰে।
আনহাতে, এই ঘটনাক লৈ কাৰিগাঁও থানাৰ সন্মুখত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিৰছা কমাণ্ডো ফ’ৰ্চৰ দুটা অস্থায়ী শিবিৰ জ্বলাই দিয়ে। আনহাতে, উত্তেজিত ৰাইজে একাংশ দোকান আৰু ঘৰতো অগ্নিসংযোগ কৰে। উল্লেখ্য যে এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে সন্ধিয়া গণপ্ৰহাৰত মৃত্যু হয় চিকনা জৌহালৌও বিস্মিত (৩২) নামৰ এজন যুৱকৰ। আনহাতে, সুনীল মুৰ্মু (৪০) নামৰ লোকজনৰ চিকিৎসালয়ত মৃত্যু হয় ৷ উক্ত ঘটনাত যোগীৰাজ ব্ৰহ্ম, মহেশ মুৰ্মু আৰু সুনীল মুৰ্মু নামৰ আন তিনিজন আহত হয়। আনহাতে, ঘটনাস্থলীতে দুৰ্ঘটনা সংঘটিত কৰা স্কৰপিঅ’ বাহনখনো উত্তেজিত লোকে জ্বলাই দিয়ে। ইফালে আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ১৮ গৰাকী ব্যক্তিক আটক কৰিছে।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক অক্ষয় গাৰ্গে পৰিস্থিতি নিয়ন্ত্ৰণত লাগি আছে। লগতে জনসাধাৰণৰ প্ৰতি শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনাইছে। আনহাতে, কোকৰাঝাৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত ইণ্টাৰনেট সেৱা (Internet service) সাময়িকভাৱে বন্ধ (Close) ৰখা হৈছে। এই ঘটনাবোৰ যাতে সামাজিক মাধ্যমত বিয়পি পৰি উৰাবাতৰি আৰু বিভ্ৰান্তিৰ সৃষ্টি নকৰে তাৰবাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ইফালে কোকৰাঝাৰৰ ঘটনা সন্দৰ্ভত ডাভোছৰ পৰায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে যে কোকৰাঝাৰৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ অৰ্থে জিলা প্ৰশাসনৰ লগতে ৰাজ্য প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকলৰ সৈতে তেওঁ সততে যোগাযোগত আছে। শান্তি আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সেনাবাহিনী মোতায়েন কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৰেপিড একচন ফ’ৰ্চ ইতিমধ্যে মোতায়েন কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আইন-শৃঙ্খলা পৰিস্থিতি ৰক্ষাৰ বাবে কোকৰাঝাৰ আৰু চিৰাং জিলাত সাময়িকভাৱে ইণ্টাৰনেট সেৱা বন্ধ ৰখা হৈছে। লগতে তেওঁ সমাজৰ নেতৃস্থানীয় ব্যক্তি আৰু ৰাজনৈতিক নেতাসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা বিচাৰি শান্তি আৰু স্বাভাৱিক অৱস্থা সোনকালে ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰিবলৈ সকলোকে আহ্বান জনাইছে।












