
আন্তৰ্জাতিক পর্যায়ৰ এক অৰ্থনৈতিক সন্মিলনত প্ৰথম অসমীয়া হিচাপে যোগদানৰ বিৰল সন্মান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) । সোমবাৰৰ পৰা অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ইতিমধ্যে ডাভোছত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী।

উল্লেখযোগ্য যে ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত হৈছে সন্মানীয় ‘ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰাম’। এই অৰ্থনৈতিক সন্মিলনত ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যই প্ৰতিনিধিত্ব কৰিছে। এই তালিকাত অসমকো ভাৰত চৰকাৰে সুযোগ প্ৰদান কৰিছে৷ এইবাৰ প্ৰথমবাৰৰ বাবে অসমে এই সুযোগ লাভ কৰিছে৷ ইতিমধ্যে এই বিশেষ কার্যসূচীত অংশগ্ৰহণৰ বাবে দেওবাৰে মাজনিশাই ডাভোছলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
এই চাৰিদিনীয়া ভ্ৰমণসূচীত মুখ্যমন্ত্ৰীয়ে বিশ্বৰ আগশাৰীৰ উদ্যোগপতি, অৰ্থনীতিবিদ, বহুজাতিক কোম্পানীৰ চি ই অ’, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বীসকলৰ সন্মুখত অসমক প্ৰতিনিধিত্ব কৰি ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰামত অংশগ্ৰহণ কৰিব৷
এডভাণ্টেজ আছামৰ দৰে বিনিয়োগ সন্মিলনৰ সফলতা দাবী কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ এই সন্মিলনত অংশগ্ৰহণে অসমৰ বিনিয়োগ তথা অৰ্থনীতিৰ দৰে বিষয়ত বিশেষ প্ৰভাৱ পেলোৱাৰ আশা কৰা হৈছে৷ কিয়নো ইয়াত আমেৰিকাৰ ৰাষ্ট্ৰপতিকে ধৰি বিভিন্ন দেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলেও অংশগ্ৰহণ কৰে৷ সেয়ে ইয়াত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ অসমৰ বাবে এক বিশেষ মুহূৰ্ত হিচাপে পৰিগণিত হ’ব।
জানিব পৰা মতে, মুখ্যমন্ত্ৰীয়ে এই সন্মিলনত ১৭ খনতকৈও অধিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে বহুকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে৷












