
আন্তঃৰাষ্ট্ৰীয় বঁটা জোৱাৰ উঠিছে বোকাখাতৰ চলচিত্ৰলৈ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল বোকাখাতৰ পৰা নিৰ্মাণ হোৱা আন এখন কথাছবি “লাইফ বিহাইণ্ড দ্যা লাইফ- জীৱনৰ আঁৰৰ জীৱন”।

এগ্ৰিমা ষ্টুডিঅ’ আৰু ষ্টুডিঅ’ ফাইনেলকাটৰ সহযোগিতাত “ভৱৰঞ্জনী”ৰ নিৱেদনত ৰাতুল ফুকনৰ চিত্ৰনাট্য আৰু অনুপম বৰদলৈৰ পৰিচালনাৰ “লাইফ বিহাইণ্ড দ্যা লাইফ- জীৱনৰ আঁৰৰ জীৱন” চলচিত্ৰখনে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল সমূহত বিভিন্ন শিতানত এই পৰ্যন্ত সৰ্বমুঠ ১২ টাকৈ শ্ৰেষ্ঠত্বৰ বঁটাৰে সন্মানিত হৈছে। আজি বোকাখাত জলসম্পদ বিভাগৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এক সংবাদমেলত পৰিচালক অনুপম বৰদলৈয়ে ছবিখনে লাভ কৰা ১২ আন্তঃৰাষ্ট্ৰীয় বঁটাৰ আনুষ্ঠানিক ঘোষণা কৰে।
উল্লেখ্য যে ২০২৫ বৰ্ষত নিৰ্মাণকাৰ্য সম্পন্ন হোৱা কথাছবিখনে কাঁ আন্তঃৰাষ্ট্ৰীয় ৱৰ্ল্ড ফিল্ম ফেষ্টিভেলত চিত্ৰনিৰ্মাতাৰ প্ৰথম ছবিৰ শিতানত ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰাৰ লগতে এছিয়ান ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেল ২০২৫ ত শ্ৰেষ্ঠ ডেবিউ চলচ্চিত্ৰ নিৰ্মাতা, ৱৰ্ল্ড চিনেমা ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০২৫ ত শ্ৰেষ্ঠ চিত্ৰনাট্য, MOKKHO আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল ২০২৫ ত ক্ৰমে শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ ডেবিউ চলচ্চিত্ৰ নিৰ্মাতা, এছিয়ান টেলেণ্ট ইণ্টাৰনেচনেল ফিল্ম ২০২৫, ঔৰংগাবাদত ক্ৰমে শ্ৰেষ্ঠ প্ৰথমবাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু শ্ৰেষ্ঠ ফিচাৰ ফিল্ম, নিৰি ৯ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০২৬, হায়দৰাবাদত শ্ৰেষ্ঠ কনচেপ্ট, ISFFA ষ্টাৰ ফিল্ম ফেষ্টিভেল ২০২৫ ত অফিচিয়েল চিলেকচন, তামিঝাগম ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০২৫ ত ক্ৰমে শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ ফিচাৰ ফিল্ম, শ্ৰেষ্ঠ ভাৰতীয় ফিচাৰ ফিল্ম, ১১ সংখ্যক ৱৰ্ল্ড চিনেমা ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০২৫ ত ক্ৰমে শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ সম্পাদনা, শ্ৰেষ্ঠ প্ৰযোজক আৰু শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ অৰ্জন কৰিছে। সংবাদমেলত পৰিচালক অনুপম বৰদলৈক সহযোগ কৰে কথাছবিখনৰ শব্দ বাণীবদ্ধ আৰু সংমিশ্ৰণৰ দায়িত্বত থকা লৌকিক খাউণ্ডে।
কথাছবিখনৰ পৰিচালনা আৰু সম্পাদনা অনুপম বৰদলৈৰ, চিত্রনাট্য ৰাতুল ফুকনৰ, প্ৰযোজনা মহেশ ৰাজবংশীৰ, সংগীত তৰালি শৰ্মাৰ। উল্লেখ্য যে অমৃৎকণ্ঠ জুবিন গাৰ্গৰ সৈতে অসমৰ বিশিষ্ট কণ্ঠশিল্পী তৰালি শৰ্মাই কথাছবিখনৰ গীতত কণ্ঠদান কৰিছে। শব্দ বাণীবদ্ধ আৰু সংমিশ্ৰণৰ দায়িত্বত আছে লৌকিক খাউণ্ড।
অভিনয়ত আছে প্ৰয়াশ ফুকন, অদ্ৰিতা পৰাশা মহন্ত, আশিম শৰ্মা, চিমি গোঁস্বামীৰ লগতে মনো বৰা, অমৰ শৰ্মা, হৰি প্ৰসাদ বৰঠাকুৰ, বুলেন বৰা, সুনীল কুশল দাস, পাৰ্থ প্ৰতিম বৰদলৈ, ৰত্নেশ্বৰ মৰাং, প্ৰদীপ হাজৰিকা, প্ৰণৱ শইকীয়া, প্ৰাঞ্জল দাস, দুলন বাহেক, মঞ্জিত শৰ্মা, মনো হাজৰিকা আৰু শিশু চৰিত্ৰত নিকিতা বৰাই অভিনয় কৰিছে। চিত্ৰগ্ৰহণ সঞ্জয় সিং (মুম্বাই)ৰ।













