![]()
কেইবাটাও কাৰ্যসূচী হাতত লৈ শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে (Visit) অসমলৈ (to Assam) আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi)। প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পূৰ্বে অসম তথা পশ্চিমবংগক দিব এক বিশেষ উপহাৰা। শনিবাৰে প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ মালদহ ষ্টেচনৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব বিলাসী ৰে’ল বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ। এই কাৰ্যসূচীত গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কামাখ্যা ষ্টেচনত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত বিয়লিভাগত তেওঁ গুাৱাহাটীত উপস্থিত হ’ব।
শনিবাৰে বিয়লি ৫.২০ বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণৰ পিছত পোনে পোনে সৰুসজাই ষ্টেডিয়ামলৈ যাব। এক বিশাল সমদলেৰে আদৰণি জনোৱা হ’ব প্ৰধানমন্ত্ৰীক। সৰুসজাইত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১০ হাজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰিবলগীয়া বাগৰুম্বা নৃত্য সন্ধিয়া ৬ বজাত উপভোগ কৰিব। এই অনুষ্টানৰ শেষত তেওঁ নিশাটো কইনাধৰাৰ এক নং ৰাজ্যিক অতিথিশালাত কটাই দেওবাৰে পুৱা কলিয়াবৰলৈ যাত্ৰা কৰিব। কলিয়াবৰত প্ৰধানমন্ত্ৰীয়ে দিনৰ ১১ বজাত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ লগতে কলিয়াবৰ-বোকাখাত ৩৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড ক’ৰিডৰৰ শিলান্যাস কৰিব। এই প্ৰকল্পৰ বাবে ব্যয় নিৰ্ধাৰণ কৰা হৈছে ৬৯৫৭ কোটি টকা। চাৰিলেনযুক্ত হ’ব এই এলিভেটেড কৰিড’ৰ।

প্ৰধানমন্ত্রীয়ে গুৱাহাটী-কলকাতাৰ মাজত চলিবলগা বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ উপৰি দেওবাৰে ডিব্ৰুগড়-লক্ষ্ণৌ আৰু গুৱাহাটী-নতুন দিল্লীৰ মাজত চলিবলগা আন দুখন ৰে’লৰো শুভাৰম্ভণি কৰিব। উল্লেখ্য যে গুৱাহাটী আৰু কলকাতাৰ মাজত শনিবাৰৰ পৰা চলিবলগীয়া বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ এক অতি বিলাসী আৰু দ্ৰুতগতিৰ ৰে’ল। মুঠ ৮২৩ গৰাকী যাত্রীৰ ক্ষমতাসম্পন্ন ৰে’লখনত থাকিব ১৬ টা ডবা। ইয়াৰে ১১ টা এ চি ৩ টায়াৰ, ৪ টা এ চি ২-টায়াৰ আৰু এটা ফাৰ্ষ্টক্লাছ এ চি ডবা। এই ৰে’লখন যাত্ৰীক যাত্ৰাপথত আৰাম প্ৰদানৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছে। লগতে আধুনিক সুৰক্ষা ব্যৱস্থাও সংযুক্ত কৰা হৈছে। লগতে আছে অত্যাধুনিক সা-সুবিধা।
এই বিশেষ ৰে’লখনত শ্ৰেণী বিশেষে ভাৰা হ’ব ক্ৰমে ২৩০০ টকা, ৩০০০ টকা আৰু ৩৬০০ টকা। আনহাতে, ৰে’লখনত গুৱাহাটীৰ পৰা যাত্ৰাৰ সময়ত অসমীয়া খাদ্য আৰু কলকাতাৰ পৰা যাত্ৰাৰ সময়ত বঙালী খাদ্য পৰিবেশন কৰা হ’ব। ৰে’লখনৰ গতিবেগ হৈছে ঘণ্টাত সৰ্বোচ্চ ১৮০ কিলোমিটাৰ। অৱশ্যে সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ঘণ্টাত ১৩০ কিলোমিটাৰত সীমাবদ্ধ ৰখা হ’ব।













