
ভোগালীৰ উৰুকাৰ দিনাই ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে এক দুখৰ খবৰ। বিশিষ্ট সংগীত শিল্পী তথা ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাৰ (Samar Hazarika) দেহাৱসান। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে পুৱা ৮.৪৫ বজাত গুৱাহাটীৰ নিজৰাপাৰস্থিত নিজা বাসভৱনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগত তথা সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ শিল্পী সমাজ তথা অনুৰাগীসকল শোকস্তব্ধ হৈ পৰিছে।
উল্লেখ্য যে পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, তেওঁ দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হোৱাৰ লগতে হাওঁফাওঁৰ সংক্ৰমণৰ বাবে যোৱা ৮ ডিচেম্বৰত মহানগৰীৰ হায়াট হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আনহাতে, তেওঁ নিউমোনিয়াতো আক্ৰান্ত হোৱাত হেল্থ চিটী হাস্পতালত ভৰ্তি কৰোৱা হয়।
২৪ ডিচেম্বৰত তেওঁক হাস্পতালৰ পৰা ঘৰলৈ অনা হয়। অনাতাঁৰ শিল্পী হোৱাৰ উপৰি সমৰ হাজৰিকাই বিভিন্ন কেছেট, এলবামৰ লগতে বহুকেইখন অসমীয়া ছবিতো কণ্ঠদান কৰি গৈছে। তেওঁৰ কণ্ঠৰে নিগৰা কেইবাটাও কালজয়ী গীতে আজিও শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰে। তাৰে ভিতৰত এটা অন্যতম গাত হৈছে ‘প্ৰথম মৰমে যদি সঁহাৰি নাপায়..’।
তেওঁ কণ্ঠদান কৰা প্ৰথমখন ছবি আছিল ১৯৭৭ চনত হেমন্ত দত্তৰ পৰিচালনাৰে ‘উপপথ’। ইয়াৰ উপৰি তেওঁ কণ্ঠদান কৰা প্ৰায় ২০ খন ছবিৰ ভিতৰত কেইখনমান হৈছে ‘বিজুলী’, ‘বোৱাৰী’, ‘ঘৰ সংসাৰ’, ‘সোণমইনা’, ‘ব’হাগৰ দুপৰীয়া’, ‘চিৰাজ’, ‘ৰঙানদী’, ‘অশান্ত প্রহৰ’, ‘প্রতিশোধ’আদি।
ইফালে সমৰ হাজৰিকাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে সমৰ হাজৰিকাৰ এখন সামাজিক মাধ্যমত আপলোড কৰি এটা শোকবাৰ্তাত লিখিছে, “আজি উৰুকাৰ দিনটোতে অসমৰ সাংস্কৃতিক জগতৰ প্রসিদ্ধ ব্যক্তিসত্তা, শিল্পী সমৰ হাজৰিকা ডাঙৰীয়াৰ দেহাৱসানৰ খবৰটি পাই মর্মাহত হৈছোঁ। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ কনিষ্ঠ ভাতৃ হাজৰিকা ডাঙৰীয়াই অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰি বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে খ্যাতি অর্জন কৰিছিল।
তেখেতৰ কণ্ঠত প্রাণ পাই উঠা ‘প্ৰথম মৰমে যদি’, ‘ই যে ৰণাংগনৰ কাহিনী’ আদি কালজয়ী জনপ্রিয় গীত আজিও অসমৰ শ্রোতাৰ হৃদয়ত সজীৱ হৈ আছে। তেখেতৰ বিয়োগ আমাৰ বাবে এক বুজাব নোৱৰা ক্ষতি। এই শোকার্ত মুহূর্তত মহান শিল্পীগৰাকী স্বর্গগামী আত্মাৰ চিৰশান্তি কামনাৰ লগতে পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।”
আনহাতে, সমৰ হাজৰিকাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
তেওঁ সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে যে উৰুকাৰ দিনা পুৱাতে যশস্বী কণ্ঠশিল্পী সমৰ হাজৰিকাৰ বিয়োগৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। হৃদয়স্পৰ্শী কণ্ঠৰে অগণন শ্ৰোতা-দৰ্শকৰ হৃদয়ত গভীৰ সাঁচ বহুৱাই থৈ যোৱা সমৰ হাজৰিকাৰ বৰ্ণিল সাংস্কৃতিক অৰিহণা স্মৰণীয় হৈ থাকিব। লগতে তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
ইফালে সাংস্কৃতিক মন্ত্ৰী বিমল বৰায়ো সমৰ হাজৰিকাৰ মৃত্যুত গভাৰ শোক প্ৰকাশ কৰি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি উল্লেখ কৰে।












