
নতুন বছৰৰ প্ৰথমটো ডাঙৰ অভিযানত ব্যৰ্থ ইছৰো। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ পি এছ এল ভি ৰকেটৰ ৬৪ সংখ্যক উৎক্ষেপণত সমস্যাই দেখা দিয়ে।

এই অভিযানৰ তৃতীয় পৰ্যায়ত যান্ত্ৰিক বিজুতিৰ বাবে কৃত্ৰিম উপগ্ৰহসমূহ সময়মতে কক্ষপথত স্থাপন কৰিব পৰা নগ’ল। উল্লেখ্য যে এই অভিযানত উৎক্ষেপণ কৰা হৈছিল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰস্তুত কৰা প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ‘লাচিত-১’।
গুৱাহাটীৰ সোণাপুৰস্থিত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰী-ছাত্ৰীয়ে এই উপগ্ৰহটো নিৰ্মাণ কৰি উলিয়াইছিল। ৫০ গৰাকীতকৈয়ো অধিক অধ্যাপক তথা ছাত্ৰ-ছাত্ৰীৰ সমন্বিত প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা কৃত্ৰিম উপগ্ৰহটো সফলতাৰে কক্ষপথত স্থাপিত কৰিব পাৰিলে অসমৰ মহাকাশ বিজ্ঞানৰ ইতিহাসত এক নতুন অধ্যাৰ সূচনা হ’লহেঁতেন।
অৱশ্যে এই মুহূৰ্তত মিছন ব্যৰ্থ হৈছে বুলিও ক’ব নোৱাৰি। পুৱা প্ৰায় ১০.৪৫ বজাত ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে কয়, “তৃতীয় পৰ্যায়ৰ অভিযানত কিছু সমস্যাৰ সৃষ্টি হৈছে, যাৰ বাবে ৰকেটৰ ট্ৰেজেক্টৰী বিচ্যুত হৈছে। আমি সকলো তদন্ত কৰি আছোঁ। অভিযানৰ সবিশেষ অতি সোনকালে ঘোষণা কৰা হ’ব।” ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে পি এছ এল ভি অভিযানৰ চাৰিটা পৰ্যায় আছে- দুটা ছলিড আৰু দুটা লিকুইড পৰ্যায়।
ইয়াৰে তৃতীয় পৰ্যায়ত সমস্যাটো সংঘটিত হৈছিল। হঠাতে ভেহিকেলৰ উচ্চতা আৰু গতিবেগ নূন্যতম প্ৰয়োজনীয় স্তৰৰ বহু তললৈ নামি যায়। ভেহিকেলৰ ৰোল ৰেট আৰু উৰণৰ পথো বিচ্যুত হয়। এনে হ’লে ‘অন্বেষা’ক কক্ষপথত সুমুৱাব নোৱাৰি৷ বাকী ১৫টা উপগ্ৰহও মহাকাশত হেৰাই যাব।
সোমবাৰে পুৱা ঠিক ১০.১৮ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পি এছ এল ভি-চি৬২ ৰকেটত ১৫টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ ভিতৰত আছিল প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (ডি আৰ ডি অ’) দ্বাৰা নিৰ্মিত উপগ্ৰহ ‘অন্বেষা’, যাৰ চৰকাৰী নাম ই অ’ এছ-এন১। বিশেষভাৱে পৰ্যবেক্ষণৰ বাবে নিৰ্মিত এই উপগ্ৰহটোৱে মহাকাশৰ পৰা ফটো তুলিব পাৰে। ইয়াৰ দ্বাৰা সঠিক মানচিত্ৰও তৈয়াৰ কৰিব পৰা যায়।
কক্ষপথত স্থাপন কৰিব পাৰিলে অন্বেষাই ভাৰতৰ শত্ৰু দেশসমূহে ক’ত কি মজুত কৰিছে সেই কথাও চিনাক্ত কৰিব পাৰিলেহেঁতেন। একেটা ৰকেটে ভাৰতীয় ব্যক্তিগত কোম্পানী ‘ধ্ৰুৱ স্পেচ’ৰ ৭টা উপগ্ৰহকে ধৰি আৰু ১৫টা উপগ্ৰহ প্ৰেৰণ কৰিছিল। ইয়াৰ উপৰি ফ্ৰান্স, নেপাল, ব্ৰাজিলকে ধৰি বিভিন্ন দেশৰ মুঠ আঠটা উপগ্ৰহও আছিল।
উল্লেখ্য যে ২০২৫ চনৰ মে’ মাহতো ইছৰোৰ পি এছ এল ভি ৰকেটটো এনেধৰণৰ আন এটা উপগ্ৰহ ‘ই অ’ এছ-০৯’ মহাকাশলৈ পঠিয়াবলৈ চেষ্টা কৰি থাকোঁতে বিফল হয়। যান্ত্ৰিক সমস্যাৰ বাবে শেষত ইয়াক মহাকাশত প্ৰতিস্থাপন কৰিব পৰা নগ’ল।
যোৱা বছৰ সেই বিফলতাৰ পিছত স্বাভাৱিকতে বিভিন্ন মহলত পি এছ এল ভিৰ ৬৪ সংখ্যক উৎক্ষেপণক লৈ যথেষ্ট উদ্বেগ সৃষ্টি হৈছিল। অৱশ্যে এইবাৰো পি এছ এল ভিয়ে নিজৰ অভিযানত আন এক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হ’ল।












