
গুজৰাট (Gujrat)ত ৮ জনীয়া এটা দলে এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ (Gang rape) কৰাৰ অভিযোগ। ইয়াৰে তিনিজনক গ্ৰেপ্তাৰ (Three people arrested) কৰা হৈছে। বাকী পাঁচজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। বুধবাৰৰ নিশাৰ পৰাই এই ঘটনা আৰম্ভ হয়। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নিশা ১০ বজাত শৌচ কৰিবলৈ ওলাই গৈছিল কিশোৰীগৰাকী। ঘৰৰ পৰা কেইফুটমান দূৰৈত শৌচ কৰিবলৈ যাওঁতে তিনিজন যুৱকে ৰাস্তাত বাট আগচি ধৰি ছোৱালীজনীৰ মুখত খোপা দি বাইকত উঠাই ঘৰৰ পৰা কিছু দূৰৈৰ নদীৰ মথাউৰি এটালৈ লৈ যায়। তাতে তিনিজন অভিযুক্তৰ এজনে তেওঁলোকৰ দুজনমান বন্ধুক ফোন কৰে। ইয়াৰ পিছত আঠজন লোকে তেওঁক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ।

এই ঘটনাৰ পিছতে ছোৱালীজনীয়ে মথাউৰিৰ পৰা খোজকাঢ়ি ঘৰলৈ আহে। তেওঁ মাতৃক সকলো কথা কয়। ইয়াৰ পিছতে কন্যাৰ সৈতে মাতৃয়ে আৰক্ষীৰ কাষ চাপে। প্ৰথম অৱস্থাত আৰক্ষীয়ে গম পায় যে বাইকেৰে ছোৱালীজনীক পথৰ পৰা উঠাই অনা তিনিজন তেওঁৰ চিনাকি। ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। বাকী ৫ জনৰ তালাচী চলি আছে। ভুক্তভোগীয়ে আৰক্ষীক জনোৱা মতে, অভিযুক্তই এই ঘটনাৰ ভিডিঅ’ বনাইছে। হত্যাৰ ভাবুকিও দিয়ে অভিযুক্তই। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী উঠিছে।









