
ৰাজ্যত বৃদ্ধি পাইছে মহিলা ভোটাৰৰ (Assam Voter) সংখ্যা। শেহতীয়াকৈ প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত এই তথ্য প্ৰকাশ পাইছে। শেহতীয়া বিশেষ সংশোধিত খচৰা ভোটাৰ তালিকাত ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত ৭৪ টা সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ২৯ অক্টোবৰত প্ৰকাশিত খচৰা ভোটাৰ তালিকাত ৰাজ্যৰ ৬৯ টা সমষ্টিত মহিলা ভোটাৰ অধিক আছিল।
কিন্তু যোৱা বছৰ ২৭ ডিচেম্বৰত ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা মতে, বৰ্তমান ৭৪ টা সমষ্টিত মহিলা ভোটাৰে পুৰুষ ভোটাৰক চেৰ পেলাইছে। উল্লেখ্য যে খচৰা ভোটাৰ তালিকা অনুসৰি, ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫২,০১,৬২৪ গৰাকী।
ইয়াৰ ভিতৰত ১,২৫,৭২,৫৮৩ জন পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,২৬,২৮,৬৬২ গৰাকী।
আনহাতে, মহিলা ভোটাৰৰ সংখ্যাধিক্য় থকা সমষ্টিকেইটা হৈছে
কোকৰাঝাৰ জিলাৰ দোতমা, বাওখুংগ্ৰী
ধুবুৰীৰ জিলাৰ বিলাসীপাৰা
গোৱালপাৰা জিলাৰ গোৱালপাৰা(পশ্চিম), দুধনৈ
চিৰাং জিলাৰ চিদলী-চিৰাং
কামৰূপ জিলাৰ বকো-ছয়গাঁও, পলাশবাৰী, হাজো-শুৱালকুছি, কমলপুৰ
কামৰূপ (ম) জিলাৰ দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, জালুকবাৰী
বাক্সা জিলাৰ বাক্সা
তামুলপুৰ জিলাৰ গোৰেশ্বৰ
ওদালগুৰি জিলাৰ ভেৰগাঁও, ওদালগুৰি, মাজবাট, টংলা
মৰিগাঁও জিলাৰ জাগীৰোড, মৰিগাঁও
নগাঁও জিলাৰ বঢ়মপুৰ, নগাঁও-বটদ্ৰৱা, ৰহা
শোণিতপুৰ জিলাৰ বৰচলা, তেজপুৰ, ৰঙাপৰা, নদুৱাৰ
বিশ্বনাথ জিলাৰ বিশ্বনাথ, বিহালী, গহপুৰ
লখিমপুৰ জিলাৰ বিহপুৰীয়া, ৰঙানদী, লখিমপুৰ
ধেমাজি জিলাৰ ধেমাজি, জোনাই
তিনিচুকীয়া জিলাৰ ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া
ডিব্ৰুগড় জিলাৰ চাবুৱা, লাহোৱাল, ডিব্ৰুগড়, খোৱাং, দুলীয়াজান, টিংখং, নাহৰকটীয়া, চৰাইদেউ জিলাৰ সোণাৰি, মাহমৰা, শিৱসাগৰ জিলাৰ ডিমৌ, শিৱসাগৰ, নাজিৰা, যোৰহাট জিলাৰ টীয়ক, যোৰহাট, মৰিয়নি, তিতাবৰ
গোলাঘাট জিলাৰ দেৰগাঁও, গোলাঘাট, বোকাখাত, খুমটাই, সৰুপথাৰ
কাৰ্বি আংলং জিলাৰ বোকাজান, হাওৰাঘাট, ডিফু পশ্চিম, আমৰি
ডিমা হাছাও জিলাৰ হাফলং
কাছাৰ জিলাৰ লক্ষীপুৰ, উদৰবন্দ, বৰখলা, ঢলাই











