
সোমবাৰে পুৱতি নিশা এক প্ৰবল ভূমিকম্পত কঁপি উঠিল অসম (Earthquake)। ৰিখটাৰ স্কেলত ইয়াৰ মাত্রা আছিল ৫.১। পুৱা ৪.১৭ বজাত এই ভূমিকম্প হয়। ইয়াৰ প্রভাৱত অসমৰ উপৰি উত্তৰ-পূব ভাৰতৰ বিস্তীর্ণ অঞ্চল কঁপি উঠে।

কম্পন অনুভৱ কৰি অন্ধকাৰৰ মাজতে ঠাণ্ডা কুঁৱলীৰ মাজতেই বহু লোক ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে। অৱশ্যে এই পৰ্যন্ত ক্ষয়-ক্ষতিৰ কোনো খবৰ লাভ কৰা হোৱা নাই। সামাজিক মাধ্যমত বহুতে ভূমিকম্পৰ মুহূর্তৰ ছবি আৰু ভিডিও প্রকাশ কৰিছে। তাত দেখা গৈছে, ঘৰৰ চিলিং ফেন দুলি আছে।
আনহাতে, ভূমিকম্পৰ উৎপত্তিস্থল হৈছে মৰিগাঁও জিলাত। এই স্থান কপিলি ফল্ট লাইনৰ মাজত। পূৰ্বতেও এই লাইনৰ পৰা একাধিক সৰু-ডাঙৰ ভূমিকম্প উত্তৰ-পূব ভাৰতত হৈছে। ৰাষ্ট্ৰীয় ভূকম্পন বিভাগৰ তথ্য মতে, সোমবাৰে পুৱা ৩.৩৩ বজাত ত্রিপুৰাতো মৃদু কম্পন হয়। ৰিখটাৰ স্কেলত ইয়াৰ মাত্রা আছিল ৩.৩।












