
অহা ১৭ জানুৱাৰীত অসম চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এক বিশাল বাগৰুম্বা নৃ্ত্যৰ (Bagurumba Dance) অনুষ্ঠান। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আয়োজিত এই বাগৰুম্বা নৃত্যৰ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

শিল্পী দিৱসৰ দিনা সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া এই নৃত্যানুষ্ঠানৰ বাবে শুকুৰবাৰে সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
তেওঁৰ সৈতে উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা। উল্লেখ্য যে ইয়াৰ পূৰ্বে বিহু আৰু ঝুমুইৰ বিনন্দিনীৰ বিশাল অনুষ্ঠান আয়োজন কৰিছিল অসম চৰকাৰে। এইবাৰ বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্যক বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।
আনহাতে, সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন কৰি মন্ত্ৰী বিমল বৰাই এই কাৰ্যসূচী সন্দৰ্ভত কয় যে ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ দিনা অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ২৩ খন জিলাৰ ১০ হাজাৰতকৈ অধিক শিল্পীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব।
ইয়াৰ প্ৰস্তুতিৰ অংশ হিচাপে এটা ট্ৰেক ভিডিঅ’ প্ৰস্তুত কৰা হৈছে। এই ট্ৰেক প্ৰতিখন জিলাৰ মাষ্টাৰ ট্ৰেইনাৰসকলক প্ৰদান কৰা হ’ব। অহা ৪, ৫ আৰু ৬ জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ সৰুসজাইত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত তেওঁলোকে ৮, ৯ আৰু ১০ জানুৱাৰীত নিজ নিজ জিলাৰ শিল্পীসকলক প্ৰশিক্ষণ দিব।
১১ জানুৱাৰীত প্ৰতিখন জিলাৰ শিল্পীসকলক গুৱাহাটীলৈ অনা হ’ব আৰু ১২, ১৩, ১৪ আৰু ১৫ জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত অনুশীলন অনুষ্ঠিত হ’ব। তাৰ পিছত ১৬ তাৰিখে দিনটো জিৰণি লৈ ১৭ তাৰিখে সন্ধিয়া মূল অনুষ্ঠানটো অনুষ্ঠিত হ’ব।












