ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

West Karbi Anglong violence: মুখ্যমন্ত্রীৰে হোৱা ত্রিপাক্ষিক বৈঠকত আশাৰ ৰেঙনি দেখিছে কাৰ্বি সংগঠনসমূহে

নিউজ ডেস্কঃ

ASSAM TIMES POST by ASSAM TIMES POST
December 27, 2025
Reading Time: 1 min read
A A
0
West Karbi  Anglong violence: মুখ্যমন্ত্রীৰে হোৱা ত্রিপাক্ষিক বৈঠকত আশাৰ ৰেঙনি দেখিছে কাৰ্বি সংগঠনসমূহে

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

পশ্চিম কাৰ্বি আংলং জিলাৰ খেলাংপীত ৭ ডিচেম্বৰৰ পৰা পি জি আৰ-ভি জি আৰ ভূমিত বেদেখল উচ্ছেদৰ দাবীত আমৰণ অনশনত বহা আন্দোলনকাৰী নেতৃত্বৰ লগত শুকুৰবাৰে দিছপুৰত মুখ্যমন্ত্রী ডঃ বিসন্ত বিশ্ব শর্মা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ অমৰছিং তিচ’, পৰিষদৰ প্রধান সচিব মুকুল কুমাৰ শইকীয়া আৰু আন্দোলনকাৰী সংগঠনসমূহৰ নেতৃত্বৰ মাজত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হয়।

মুখ্যমন্ত্রীৰে হোৱা ত্রিপাক্ষিক বৈঠকত আশাৰ ৰেঙনি দেখিছে কাৰ্বি সংগঠনসমূহে
মুখ্যমন্ত্রীৰে হোৱা ত্রিপাক্ষিক বৈঠকত আশাৰ ৰেঙনি দেখিছে কাৰ্বি সংগঠনসমূহে

এই ত্রিপাক্ষিক বৈঠকৰ পিছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত আলোচনাৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰে। একেদৰে আমৰণ অনশন কৰা কাৰ্বি ছাত্র সন্থাৰ নেতা লিটচন ৰংফাৰেও গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰে। শুকুৰবাৰে সন্ধিয়া ত্রিপাক্ষিক বৈঠকত অংশগ্রহণ কৰা আৰু ৭ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ আন্দোলনটোক নেতৃত্ব দিয়া অন্যতম নেতা কাৰ্বি ছাত্ৰ সন্থাৰ প্রাক্তন সভাপতি হাৰছিং ইংলেং, ৰবীন্দ্র ৰংপি, ছয় ৰংপি প্রমুখো নেতাসকলে কার্বি আংলং জিলা প্রেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে।

28e5c7e2 9d9c 4646 a156 c15c2ed2ae1b 1 | ASSAM TIMES POSTতেওঁলোকে ত্রিপাক্ষিক বৈঠক সফল হোৱা বুলি কোৱাৰ লগতে প্রতিশ্রুতি অনুসৰি প্রস্তাৱসমূহ কার্যকৰী কৰিলেহে প্রকৃততে আলোচনা ফলপ্রসু হোৱা বুলি অধিক আত্মবিশ্বাসেৰে ক’ব পৰা যাব বুলি কয়। নেতাসকলে কয় যে ২২ ডিচেম্বৰৰ পৰা সংঘটিত যি পৰিস্থিতি সেই দুদিনত সদৌ অসম ছাত্র সন্থাকে ধৰি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জাতীয় দল-সংগঠনে আৰু ব্যক্তিবিশেষে যিদৰে কাৰ্বি জনতাৰ হৈ মাত মতাৰ লগতে কাষত থিয় দিলে তাৰ বাবে আমি সকলো জাতীয় সংগঠনৰ ওচৰত কৃতজ্ঞ।

আন্দোলনকাৰী নেতাসকলে কয় যে শুকুৰবাৰৰ আলোচনাৰ প্রস্তাৱ অনুসৰি ২৯ তাৰিখে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগত আন্দোলনকাৰী পক্ষৰ এক আলোচনা সম্পন্ন হ’ব আৰু তাতেই উক্ত বৈঠকৰ সিদ্ধান্তসমূহ কার্যকৰী কৰাৰ বাবে পৰিকল্পনা কৰা হ’ব। একেদৰে ১৭ জানুৱাৰীত অসম চৰকাৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু আন্দোলনকাৰীসকলৰ মাজত দ্বিতীয়লানি ত্রিপাক্ষিক বৈঠক সম্পন্ন হ’ব।

শুকুৰবাৰৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি খেৰণিৰ পি জি আৰ ভূমিৰ মুকলি এলেকাত ফেন্সিং দিয়াৰ কাম ১৫ দিনৰ ভিতৰত পৰিষদে আৰম্ভ কৰিব লাগিব। লগতে বকলীয়াঘাটৰ জলসিঞ্চন বিভাগৰ ভূমি আৰু খেৰণিৰ পি জি আৰ ভূমিৰ বেদখলো ১৫ দিনৰ ভিতৰত পৰিষদে উচ্ছেদ কৰিব লাগিব। ৫ জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত পবিষদৰ লগতে আন্দোলনকাৰী পক্ষয়ো শপতনামা দাখিল কৰিব।

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে ১৫ দিনৰ ভিতৰত ১৯৫১ চনৰ তথ্য দাখিল কৰিব নোৱাৰা ব্যৱসায়ী প্রতিষ্ঠানসমূহৰ ব্যৱসায়িক অনুজ্ঞাপত্র বাতিল কৰাৰ যি সিদ্ধান্ত ত্রিপাক্ষিক বৈঠকত লোৱা হৈছিল তাক পৰিষদে কাৰ্যকৰী কৰিব বুলি আন্দোলনকাৰী নেতৃত্বই আশা প্রকাশ কৰে। সাংবাদিকে হাওৰাঘাটৰ ভি জি আৰ ভূমিতো উচ্ছেদ চলিব নেকি বুলি জানিব বিচৰাত আন্দোলনকাৰী নেতৃত্বই কয় যে হাওৰাঘাটতো ভি জি আৰ ভূমিত ফেন্সিং দিয়া হ’ব।

উচ্ছেদ বা অন্য প্রসংগসমূহ যিসকল নেতাই চোৱা-চিতা কৰি আছে তেওঁলোক আজি অনুপস্থিত থকাত সেই বিষয়ে তেওঁলোকে অধিক কথা কোৱাৰ পৰা বিৰত থাকে। তেওঁলোকে কয় যে মুখ্যমন্ত্রী পর্যায়ত হোৱা বৈঠকৰ সিদ্ধান্ত নির্দিষ্ট সময়ত কার্যকৰী কৰাটো ৰাজ্য চৰকাৰ আৰু পৰিষদৰ দায়িত্ব। সেয়ে তেওঁলোকে আশা প্রকাশ কৰি কয়, “আমি আশাবাদী চৰকাৰে দিয়া প্রতিশ্রুতি আখৰে আখৰে পালন কৰিব।” আন্দোলনৰ মূল নেতা লিটচন ৰফোৰ আৰু আংতং ইংতি কাথাৰ শাৰীৰিক অসুস্থতাৰ বাবে আজিৰ সংবাদমেলত উপস্থিত থাকিব নোৱাৰিলে বুলি তেওঁলোকে মন্তব্য কৰে।

Tags: মুখ্যমন্ত্রীৰে হোৱা ত্রিপাক্ষিক বৈঠকত আশাৰ ৰেঙনি দেখিছে কাৰ্বি সংগঠনসমূহে
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx