![]()
বুধবাৰে নলবাৰী (Nalbari)ৰ এখন বিদ্যালয়ত বৰদিন উদযাপনত বাধা প্ৰদান কৰি যীশুৰ মূৰ্তি (Statue of Jesus)কে ধৰি বিভিন্ন সামগ্ৰী লণ্ডভণ্ড (Messy) কৰা চাৰি হিন্দুত্ববাদী নেতাক আটক বেলশৰ আৰক্ষীৰ। বৰদিন পালন কৰিব নিদিয়াৰ হংকাৰ দিয়া নেতাকেইজনক বৃহস্পতিবাৰে আটক (Arrest) কৰা হয়। উল্লেখ্য যে বুধবাৰে সংঘটিত এই ঘটনাত সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। বেলশৰ আৰক্ষীয়ে আটক কৰা নেতাকেইজন হৈছে বিশ্ব হিন্দু পৰিষদ, নলবাৰী জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা, উপ-সভাপতি মানস পাটগিৰি, সহকাৰী সম্পাদক বিজু দত্ত আৰু বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়নমণি তালুকদাৰ। বিদ্যালয় কৰ্তৃপক্ষই দিয়া অভিযোগৰ ভিত্তিত তেওঁলোকৰ বিৰুদ্ধে বেলশৰ থানাত বি এন এছৰ অধীনত ১১৬/২০২৫ নম্বৰত এক গোচৰ ৰুজু কৰি ৩২৯(৩), ৩২৬(এফ), ১৮৯(২), ৩৫১(২), ৩২৪(৩), ৩২৪(৪) আৰু ৬১(২) ধাৰাত আটক কৰা হয়।

উল্লেখ্য যে বুধবাৰে নলবাৰী চহৰ আৰু পশ্চিম নলবাৰীৰ এখন বিদ্যালয়ত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সদস্যই বৰদিনৰ সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে বৰদিন বৰ্জনৰ হুংকাৰ দিয়াৰ লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু শ্বপিং মলত বৰদিনৰ সামগ্ৰী নষ্ট কৰি দাহ কৰিছিল। লগতে দলটোৱে পশ্চিম নলবাৰীৰ পানীগাঁওস্থিত ছেণ্ট মেৰিজ ইংলিছ স্কুললৈ গৈ বৰদিনৰ সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে যীশুখ্ৰীষ্টৰ মূৰ্তিও দলিয়াই দিছিল।












