
খটখটীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী। খটখটী থানাৰ অন্তৰ্গত খটখটী কালীৰাম বস্থিত এজন যুৱকৰ কবলৰ পৰা ৫ টা চাবোনৰ বাকচত প্ৰায় ‘৬১ গ্ৰাম হেৰইন উদ্ধাৰ কৰে ।

খটখটী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অচি’ সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত খটখটী থানা উপ পৰিদৰ্শক দেবাসিশ বৰা জীৱন শইকীয়া থানা ষ্টাপৰ সহযোগত খটখটী কালীৰাম বস্থিত এজন যুৱকৰ পৰা নিষিদ্ধ হেৰইন খিনি উদ্ধাৰ কৰে ।
আৰক্ষীৰ পৰা জানিব পৰা মতে মতিবুৰ ইছলামৰ পৰা নিষিদ্ধ হেৰইন খিনি উদ্ধাৰ কৰে।মৰিগাওঁ জিলাৰ হৰুছালা মতিবুৰ ইছলামক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।













