![]()
ডিফুঃ
কাৰবি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ খটখটীত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে আন এক সফলতা ৷ প্ৰাপ্তখবৰ অনুসৰি খটখটী আৰক্ষী থানাৰ অন্তৰ্গত অন্তৰ্গত লাহৰিজান দুদুকল’নীত বৃহস্পতিবাৰে বিয়লি ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰে খটখটী আৰক্ষীয়ে।
এক গোপন সূত্ৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্মৰ নেতৃত্বত, SI চৰণ মোহন চেতিয়া,SI মৃদুল ৰুদ্ৰ পলৰ সহযোগত অভিযানকাৰী দলটোৱে লাহৰিজানত দুদুকল’নীত চলোৱা এক অভিযানত দুটা চাবোনৰ বাকচত নিষিদ্ধ ড্ৰাগছসহ 35 হাজাৰ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন প্ৰায় 25.5 গ্ৰাম আৰু বজাৰ মূল্য 1 লাখ টকামান হব বুলি অনুমান কৰা হৈছে।

খটখটী আৰক্ষীয়ে দুদুকলোনী স্থানীয় গাঁওৰক্ষী বাহিনীৰ উপস্থিতিত নিষিদ্ধ ড্ৰাগছ খিনি জব্দ কৰে বুলি জানিব পৰা গৈছে।
ধৃত মহিলা গৰাকী হৈছে লাহৰিজান দুদুকল’নী মফিজ আলিৰ পত্নী আছমা বেগম বুলি জানিব পৰা গৈছে।
ধৃত মহিলা গৰাকীক অধিক তথ্যৰ বাবে খটখটী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।













