
আজি বোকাজান মহকুমাৰ অন্তৰ্গত অসম- নাগালেণ্ড সীমান্তৰ বৰলেঙৰী প্ৰাথমিক বিদ্যালয়ত বোকাজান প্ৰসাশনৰ উদ্যোগত বৰলেঙৰী শান্তি সমিতি গাওঁৰক্ষী সহযোগত স্থানীয় ৰাইজৰ সৈতে এক আলোচনা অনুষ্ঠিত হয়।

আজিৰ এই শান্তি আলোচনাত বোকাজানৰ দণ্ডাধীশ জে কে নাথ, বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰক্ষ্ম , খটখটী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সৃৰ্য কুমাৰ বৰা ,খটখটী নাগৰিক সমিতি সদস্য সুৰেশ কুমাৰ সিঙ ,খটখটী থানা উপদেষ্টা সমিতি সহঃ সম্পাদক মানিক শিং আৰু অনান্য বিষয়াৰ উপস্থিতিত সীমান্তৱাসীৰ অভাৱ -অভিযোগ আৰু সীমান্তৰ স্থানীয় ৰাইজৰ সুৰক্ষা স্বাৰ্থত আৰু লগতে এতিয়া উৎসৱৰ সময়ত যাতে কোনো অপ্ৰিতকৰ ঘটনা সংগঠিত নহয় এইলৈ শান্তি আলোচনা অনুষ্ঠিত হয় ।













