ASSAM TIMES POST
ডিফু, ১ মাৰ্চ: ইনাৰ লাইন পাৰ্মিটক কেন্দ্ৰ কৰি আজি অসম- নাগালেণ্ড সীমান্তত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ ৷ নাগালেণ্ডত ইনাৰ লাইন পাৰ্মিত বলবৎ কৰাৰ পিছতেই উত্তেজিত হৈ পৰিছে কাৰবি আংলঙৰ অসম নাগালেণ্ড সীমান্ত বাসী । কোনো কাৰণ নোহোৱাকৈ নাগালেণ্ড আৰক্ষীয়ে ৯ জন লোকক আটক কৰি লৈ যোৱাৰ অভিযোগ তুলিছে আৰু লগতে বহু পৰিমাণৰ জৰিমনাও বিহিছে বুলি মন্তব্য কৰিছে উত্তেজিত জনতাই । তাৰেই পৰিপ্ৰেক্ষিতত বোকাজানৰ অসম নাগালেণ্ড সীমান্তত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে উত্তেজিত জনতাই বহু সময় ধৰি বহু যেন বাহন অসমৰ পৰা নাগালেণ্ড আৰু নাগালেণ্ডৰ পৰা অসমলৈ চলাচল বন্ধ কৰি ৰাখে ।
https://youtu.be/5HZApOiaDjE
আৰু ক্ৰমাৎ উত্তেজনা বৃদ্ধি হয় সীমান্তত । আৰক্ষী প্ৰশাসন ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰী ক্ষান্ত নহল । তাৎক্ষণিক ভাৱে বোকাজান আৰক্ষীয়ে নাগালেণ্ড আৰক্ষীৰ বিষয়ববীয়াৰ লগত আলোচনাত মিলিত হয় আৰু উত্তেজিত জনতাক আশ্বাস দিয়ে যে আগলৈ আৰু এনেকুৱা নহয় । পৰিস্থিতি তথাপিও ক্ষান্ত নোহোৱাত আৰক্ষীয়ে মৃদু লাঠী চালনাও কৰে । বৰ্তমান সমগ্ৰ পৰিস্থিতি আৰক্ষীৰ নিয়ন্ত্ৰণত আছে । বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া আৰু বোকাজান চক্ৰ বিষযাৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে ।













