
ৰাজ্যত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। হাতীৰ সৈতে সংঘৰ্ষৰ ফলত ৰাজধানী এক্সপ্ৰেছৰ ৫টা ডবা আৰু ইঞ্জিন লাইনচ্যুত হোৱাৰ লগতে ৭ টাকৈ বন্যহস্তীয়ে কৰুণ মৃত্যুক সাৱটিবলগা হয়। আনহাতে, আন এটা হাতীৰ পোৱালি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

অৱশ্যে এই ঘটনাত কোনো যাত্ৰী হতাহত হোৱাৰ পৰা ৰক্ষা পৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে, নতুন দিল্লী অভিমুখী ৰে’লখনৰ শনিবাৰে পুৱতি নিশা প্ৰায় ২.১৭ বজাত হোজাই জিলাৰ চাংজুৰাই অঞ্চলত এই ঘটনা সংঘটিত হয়।

ইফালে এই ঘটনাৰ খবৰ পোৱা মাত্ৰকে বন বিভাগৰ লগতে ৰে’ল বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। ইফালে দুৰ্ঘটনাটোৰ পিছত যমুনামুখ-কামপুৰ অংশৰ মাজেৰে পাৰ হ’বলগীয়া ৰে’লসমূহৰ গতিপথ সলনি কৰা হৈছে। ৰে’লপথ মেৰামতি আৰু পুনৰুদ্ধাৰৰ কাম চলি আছে।
উল্লেখ্য যে ২০৫০৭ ডি এন ছাইৰাং-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছখন মিজোৰামৰ ছাইৰাঙৰ (আইজলৰ ওচৰত) পৰা দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেললৈ গৈ আছিল। ইতিমধ্যে গুৱাহাটী ৰে’ল ষ্টেচনত এই সন্দৰ্ভত হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। নম্বৰকেইটা: ০৩৬১-২৭৩১৬২১ / ২৭৩১৬২২ / ২৭৩১৬২৩।
অৱশ্যে ক্ষতিগ্ৰস্ত ডবাসমূহ আঁতৰোৱাৰ পিছত ৰে’লখনে ঘটনাস্থলীৰ পৰা পুৱা ৬.১১ বজাত গুৱাহাটী অভিমুখে ৰাওনা হয়। গুৱাহাটীত ক্ষতিগ্ৰস্ত ডবাসমূহৰ যাত্ৰীসকলৰ বাবে অতিৰিক্ত ডবা সংযোজন কৰাৰ পিছত পুনৰ যাত্ৰা আৰম্ভ কৰিব। ৰে’ল বিভাগে জনোৱা মতে দুৰ্ঘটনা সংঘটিত ঠাইখিনি নিৰ্দিষ্ট হাতী কৰিড’ৰ নহয় আৰু হাতীৰ জাকটো দেখাৰ লগে লগে লোকো পাইলটে জৰুৰীকালীন ব্ৰেক লগায়।












