
অহা শনিবাৰ, ২০ ডিচেম্বৰ তাৰিখে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন সন্দৰ্ভত আজি বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বৈঠকত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়।

আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিজেপিৰ মন্ত্ৰী-বিধায়ক তথা দলীয়া কাৰ্যকৰ্তাসকলো বৈঠকত উপস্থিত থাকে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী সন্দৰ্ভত অৱগত কৰে।
মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী গুৱাহাটী বিমানবন্দৰত অৱতৰণৰ পিছত বিমানবন্দৰ চৌহদত স্থাপন কৰা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰিব। ইয়াৰ পিছত তেওঁ গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰাৰ লগতে ৰাজহুৱা সভাত ভাষণ দিব।
এই কাৰ্যসূচীৰ পিছত প্ৰধানমন্ত্ৰী বিজেপিৰ বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হ’ব। এই যাত্ৰাপথত বিজেপিৰ কাৰ্যকৰ্তাসকলে তেওঁক এক কিলোমিটাৰজুৰি এক ৰোডশ্ব’ৰে আদৰি আনিব। বাজপেয়ী ভৱনত প্ৰধানমন্ত্ৰীয়ে দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হ’ব।
আনহাতে, দ্বিতীয়দিনা পুৱা প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত বিলাসী জাহাজত উঠি ২৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচী ৩০-৪০ মিনিটৰ হ’ব। তাৰ পাছত তেওঁ শ্বহীদ স্মাৰকলৈ গৈ অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাব। এই কাৰ্যসূচীৰ পিছতে তেওঁ নামৰূপত ১২ লাখ মেট্ৰিকটনৰ ইউৰিয়া উৎপাদন প্ৰকল্পৰ ভূমিপূজনৰ বাবে ডিব্ৰুগড়লৈ ৰাওনা হ’ব।
উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে, বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত পদাৰ্পণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী।












