
যোৱা ৮ ডিচেম্বৰত অৰুণাচলত সংঘটিত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্যৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ। বুধবাৰে তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৫ লাখ টকাৰ চেক প্ৰদান কৰে।

উল্লেখ্য যে দেশ জোকাৰি যোৱা এই দুৰ্ঘটনাত এখন ট্ৰাকত তিনিচুকীয়াৰ পৰা কানৰ বাবে অৰুণাচললৈ যোৱা এটা ২০ জনীয়া দল দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগা হৈছিল। দলটোৰ মাত্ৰ এজনৰহে প্ৰাণ কথমপি ৰক্ষা পৰে। নিহত ২০ গৰাকীৰ ভিতৰত গেলাপুখুৰী চাহ বাগিচাৰ ১৩নং লাইনৰ ১৬ গৰাকী, গটঙৰ এগৰাকী, লিম্বুগুৰিৰ এগৰাকী, ধেলাখাট চাহ বাগিচাৰ এগৰাকী আছিল।
আনহাতে, দুৰ্ঘটনাটোত মৃত্যু হোৱা গাড়ীখনৰ চালকজনৰ ঘৰ হৈছে ন-পুখুৰীত। মুখ্যমন্ত্ৰীয়ে শোকাৱহ দুৰ্ঘটনাটোত মৃত্যু হোৱা ২০ টা পৰিয়ালৰ লোকসকলকো সাক্ষাৎ কৰি মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা কৰে।
উল্লেখ্য যে অৰুণাচলৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোককেইজনৰ প্ৰতিটো পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকা আৰু আঘাতপ্ৰাপ্তক ১ লাখ টকাৰ উপৰি ভাৰত চৰকাৰৰ তৰফৰ পৰা মৃতকৰ পৰিয়াললৈ দুই লাখকৈ এককালীনভাৱে সাহায্য প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।
উল্লেখ্য যে অৰুণাচলৰ আঞ্জাও জিলাৰ হায়ুলিয়াঙত সংঘটিত এই শোকাৱহ দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পূৰ্বতে তিনিচুকীয়া আৰক্ষীয়ে চিৰাজুল আহমেদ আৰু চাইৰুদ্দিন আলীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখাৰ বিপৰীতে তৃতীয়গৰাকী অভিযুক্তক বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
শ্ৰমিকসকলক কঢ়িয়াই নিয়া ট্ৰাকখনৰ গৰাকী ভূষণ কুমাৰ যাদৱক বিহাৰৰ চাপ্ৰাৰ পৰা বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হোৱা দুগৰাকী লোকৰ বিৰুদ্ধে শ্ৰমিকসকলক অৰুণাচললৈ সৰবৰাহ কৰাৰ অভিযোগ।












