
জুবিন গাৰ্গৰ (Zubeen Garg) হত্যাৰ গোচৰৰ প্ৰথম শুনানি মঙলবাৰে মঙলবাৰে অনুষ্ঠিত হয়। আনহাতে, পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে ২২ ডিচেম্বৰত। সিদিনা আটাইকেইজন অভিযুক্তক সোঁশৰীৰে আদালতত হাজিৰ কৰোৱা হ’ব। মঙলবাৰৰ শুনানিত অভিযুক্ত সাতোজনেই কাৰাগাৰৰ পৰাই ভাৰ্চুৱেলী উপস্থিত থাকে।

কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অনুষ্ঠিত শুনানিত পৰিয়াল তথা অভিযুক্তসকলক অভিযোগনামাৰ প্ৰতিলিপি তথা সংশ্লিষ্ট নথি-পত্ৰ আদি প্ৰদান কৰা হয়। পৰিয়ালৰ লোকক এই নথি পেন ড্ৰাইভযোগে প্ৰদান কৰা হয়।
উল্লেখ্য যে জুবিন গাৰ্গ হত্যা গোচৰৰ অভিযোগনামা দাখিলৰ পিছত মঙলবাৰে অনুষ্ঠিত হয় প্ৰথমটো শুনানি। এই শুনানিত বাক্সাৰ নিকাছিৰ কাৰাগাৰত থকা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই ভাৰ্চুৱেলী উপস্থিত থাকে।
আনহাতে, কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে হাফলং উপ-কাৰাগাৰৰ পৰা ভাৰ্চুৱেলী হাজিৰ হয়। শুনানিত জুবিন গাৰ্গৰ পক্ষত অসম চৰকাৰৰ লোক অধিবক্তা প্ৰদীপ কোঁৱৰ আৰু অভিযুক্তসকলৰ হৈ জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধিবক্তা ধ্ৰুৱজ্যোতি দাসে শুনানিত অংশগ্ৰহণ কৰে।
অধিবক্তা সমাজে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্তসকলৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বাবে আদালতে নিয়ম জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধিবক্তা নিয়োগৰ নিৰ্দেশ দিয়ে আৰু নিয়ম অনুসাৰে অধিবক্তা ধ্ৰুৱজ্যোতি দাসে অভিযুক্তসকলৰ হৈ মঙলবাৰে প্ৰতিনিধিত্ব কৰে।












