
নামৰূপ সাৰ কাৰখানাৰ নতুন গোটৰ আধাৰশিলা স্থাপনৰ বাবে ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ পূৰ্বে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰি সম্পূৰ্ণ বুজ লয়৷

সভাস্থলী পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে আজি বহু দশক জুৰি বি ভি এফ চি এলৰ চতুৰ্থ গোট স্থাপনৰ দাবী আছিল নামৰূপবাসীৰ তথা অসমবাসীৰ৷
কিন্তু দুৰ্ভাগ্যজনক যে কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসন কালত এই গুৰুত্বপূৰ্ণ বিষয়টো অৱজ্ঞা কৰিলে৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টো আন্তৰিকতাৰে লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে যি উল্লেযোগ্য পদক্ষেপ ল’লে তাৰ বাবে অসমবাসী সদায় কৃতজ্ঞ হৈ থাকিব৷

প্ৰধানমন্ত্ৰীয়ে কেৱল সাৰ কাৰখানাই নহয় অসমৰ যাতায়াত যোগাযোগ ব্যৱস্থাৰ উন্নতি কৰাৰ লগতে অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপন কৰা আদি বিভিন্ন উন্নয়নমূলক কাম সমাধা কৰিছে। যাৰ ফলত অসমৰ পুৰুষ-মহিল ছাত্ৰ-ছাত্ৰী, কৃষক-শ্ৰমিকসকল উজ্জিৱীত হৈছে। সকলোৱে নতুন উৎসাহেৰে নিজৰ জীৱনযাত্ৰা সফল কৰাৰ বাবে সুযোগ লাভ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে লগতে কয় যে অহা ২১ ডিচেম্বৰ দেশৰ প্ৰধান মন্ত্ৰী নামৰূপলৈ আহি সাৰ উদ্যোগৰ নতুন প্ৰকল্প স্থাপনৰ আধাৰশিলা স্থাপন কৰিব৷ তাৰ লগে লগেই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত এক শক্তিশালী যাত্ৰা আৰম্ভ কৰিব।
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত দিনসমূহত এই ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে এইয়া সঁচাই শলাগৰ পাত্ৰ আৰু এই ক্ষেত্ৰত স্থানীয় সাংসদ হিচাপে আনন্দিত হৈছো বুলি কয়। লগতে স্থানীয় বিধায়ক তৰংগ গগৈক উদ্দেশ্যি কয় যে বিধায়ক তৰংগ গগৈয়ে নিৰবিচ্ছিন্নভাৱে এই বিষয়টোত লাগি আছিল যাৰ ফলশ্ৰুতিত আজি আমি সফল হ’বলৈ সক্ষম হৈছো।
তেওঁ কয় যে ছাত্ৰ নেতা হৈ থকা সময়ৰ পৰা নামৰূপৰ ৰাইজৰ লগত সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে কংগ্ৰেছ চৰকাৰৰ ওচৰত আন্দোলন, প্ৰতিবাদ কৰাৰ পিছতো বিষয়টোৱে গুৰুত্ব নাপালে। অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে সপোন বাস্তবায়িত কৰিলে।
আগন্তুক দিনত এই উদ্যোগটোৰ যোগেদি অসমে বিশ্ব বজাৰ দখলৰ কৰিবলৈ সক্ষম হ’ব। আনহাতে আজি পুৱা ভাগতে নামৰূপ সাৰনগৰী বৰ নামঘৰত আনটাইড ফাণ্ডৰ ৩০ লাখ টকাৰে নিৰ্মাণ কৰা বৰ নামঘৰৰ চৌহদৰ চাৰিসীমা পকী বেৰাৰ উদ্বোধন কৰে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে৷
কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে সহযোগিতা প্ৰদান কৰে ৰাজ্য সভাৰ সাংসদ ৰামেশ্বৰ তেলী, নাহৰকটীয়া বিধানসভা সমষ্টি বিধায়ক তৰংগ গগৈ, সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, ভাৰতীয় জনতা পার্টি অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ৰিতুপৰ্ণ বৰুৱা। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ভকত-বৈষ্ণৱৰ ওচৰত সেৱা জনাই দেশ জাতিৰ কুশল কামনা কৰি সেৱা জনাই বৰ নামঘৰত।












