![]()
অসমত বসবাস কৰি থকা বৃহত্তৰ আদিবাসী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাৱী জনজাতি কৰণ (Tribal Status),ৰ লগতে বিভিন্ন সমস্যাৰ সমাধানৰ দাৱীত সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছা’ৰ কাৰ্বি আংলং জিলাৰ সমিতিৰ সভাপতি বীৰজু মুণ্ডা নেতৃত্ব কাৰ্বি আংলং আয়ুক্ত নীৰলা ফাংচুপী’ৰ জৰিয়তে অসম চৰকাৰৰ মূখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা লৈ এখনি স্মাৰক প্ৰদান কৰা হয় ।

ভাৰতবৰ্ষৰ ভূমিপুত্র হিচাপে আদিবাসী জনগোষ্ঠীক জনজাতি কৰণৰ মৰ্য্যদাৰে সন্মান প্ৰদান কৰি আহিছে সেইয়ে অসমত বসবাস কৰি থকা বৃহত্তৰ আদিবাসী জনগোষ্ঠীক জনজাতি কৰণৰ মৰ্য্যদাৰে সন্মান জনাৱ লাগে বুলি দাৱী জনায় কাৰ্বি আংলং জিলা আয়ুক্ত’ৰ জৰিয়তে মূখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা লৈ স্মাৰক প্ৰদান কৰা হয়।উক্ত স্মাৰক প্ৰদানৰ অনুষ্ঠানত সদৌ অসম আদিবাসী ছাত্র সন্থা কাৰ্বি আংলং জিলা সমিতিৰ বিষয় বৱীয়াৰ লগতে সমূহ আঞ্চলিক সমিতিৰ নেতৃবৃন্দ উপস্থিত থাকে।













