![]()
‘জনজাতিকৰণ কথা শুনিলে আমাৰ লাজ লাগে, কাৰন ৩০ বছৰীয়া সংগ্ৰাম।জনজাতিকৰণৰ নামত প্ৰতিখন চৰকাৰে ফুটবলৰ দৰে ছয় জনগোষ্ঠীক খেলি আছে।বিজেপি চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৮বছৰে কাৰ্যকৰী নকৰিলে”- এই মন্তব্য টাই আহোম উন্নয়ন পৰিষদৰ সভাপতি বিজয় ৰাজকোঁৱৰ।
অসমৰ অদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনজাতিকৰণৰ প্ৰতিবেদন প্ৰেৰণ কৰা নাই কেন্দ্ৰলৈ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সৰ্বকালৰ মিছলিয়া।বিজেপি চৰকাৰক নিৰ্বাচনত পৰাস্ত নকৰিলে প্ৰতাৰণা ছয় জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা কৰিয়েই থাকিব।আগন্তক পঞ্চায়ত নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব লাগিব- টাইপা নেতৃত্বই কয়।
আনহাতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নকৰিলে চুকাফাৰ বৰ অসম সামৰি আহোমলেণ্ড লাগিব বুলিও সংগঠনটোৱে কয়।দিছপুৰ প্ৰেছ ক্লাবৰ সংবাদমেলত সংগঠনটোৱে আজি সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে বিগত বৰ্ষ লাচিত বঁটা।
লাচিত দিৱসৰ দিনাখনেই জ্যোতি চিত্ৰবনত সংগঠনটোৱে প্ৰদান কৰিব এই বঁটা।প্ৰাক্তন আৰ্মী বিষয়া তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন লেফটেনেণ্ট জেনেৰেল কনক কুমাৰ ভঁৰালীক এই লাচিত বঁটা প্ৰদান কৰিব।অহা ২৪নৱেম্বৰত সংগঠন টোৱে প্ৰদান কৰা হব এই বঁটা।













