
বিশিষ্ট সংগীতশিল্পী সমৰ হাজৰিকা (Samar Hazarika) গুৰুতৰভাৱে অসুস্থ। শ্বাস-প্ৰশ্বাসৰ সংস্যাত বিগত কিছুদিনৰ পৰা ভুগি থকা ভূপেন হাজৰিকাৰ ভাতৃ তথা সংগীত শিল্পীগৰাকী ৮ ডিচেম্বৰৰ পৰা হায়াট হাস্পতালত ভৰ্তি হৈ আছে।

বৰ্তমান চিকিৎসকৰ পৰামৰ্শ মতে তেওঁ আই চি ইউত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে, তেওঁ হাওঁফাওঁৰ সংক্ৰমণত আক্ৰান্ত হৈছে আৰু হৃদৰোগ বিশেষজ্ঞ ডাঃ দীপাংকৰ দাসৰ তত্ত্বাৱধানত আছে। আনহাতে, তেওঁ দীৰ্ঘদিনীয়া হৃদৰোগী। চিকিৎসকে জনোৱা অনুসৰি, তেওঁক হাস্পতালত ভৰ্তি কৰাৰ সময়ত শৰীৰত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছিল।
আনহাতে, নিম্ন ৰক্তচাপত ভুগিছিল যদিও বৰ্তমান স্বাভাৱিক অৱস্থালৈ আবৃহিছে। এটা বিশেষজ্ঞ চিকিৎসক দলে তেওঁৰ হৃদযন্ত্ৰৰ সমস্যাকে ধৰি আনুষংগিক চিকিৎসা প্ৰদান কৰি আছে। হাস্পতাল সূত্ৰই জনোৱা মতে, বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ।












