
অসম আন্দোলনৰ শ্বহীদৰ স্মৃতি সজীৱ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে নিৰ্মাণ কৰা ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । শ্বহীদ দিৱসৰ দিনাই গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা এই ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

লগতে কেন্দ্ৰীয় শ্বহীদ দিৱসো উদযাপন কৰা হয়। অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ ত্যাগ আৰু বলিদানক সন্মানাৰ্থে নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰক ক্ষেত্ৰত ইয়াৰ পূৰ্বে মঙলবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীয়ে প্ৰজ্জ্বলন কৰে শ্বহীদ প্ৰণাম জ্যোতি।
উল্লেখ্য যে ১১৭ বিঘা মাটিকালিত আটকধুনীয়াকৈ নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰক ক্ষেত্রত শ্বহীদসকলৰ স্মৃতি বিজড়িত বিভিন্ন সম্ভাৰ সংৰক্ষণ কৰা হৈছে। ইফালে বুধবাৰে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোত অৰ্থাৎ ১০ ডিচেম্বৰত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে শ্বহীদ দিৱস।
এই শ্বহীদ দিৱসত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে প্ৰতিগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই অসম চৰকাৰে মুকলি কৰা শ্বহীদ স্মাৰক ক্ষেত্রত আছে চাৰি শতাধিক শ্বহীদৰ আৱক্ষ মূৰ্তি। অৱশ্যে সকলো শ্বহীদৰে ফটো সংগ্ৰহ কৰিব নোৱৰা বাবে সকলোৰে আৱক্ষ মূৰ্তি নিৰ্মাণ কৰা সম্ভৱ হোৱা নাই। কিন্তু প্ৰতিগৰাকী শ্বহীদৰ বিষয়ে উল্লেখ আছে এই শ্বহীদ স্মাৰক ক্ষেত্ৰত।
শ্বহীদ স্মাৰক ক্ষেত্রত কেন্দ্ৰীয়ভাৱে আয়োজিত শ্বহীদ দিৱসৰ অনুষ্ঠানলৈ শ্বহীদৰ পৰিয়ালৰ লোকসকলক আমন্ত্রণ জনাই অনা হৈছে। সুউচ্চ স্তম্ভ আৰু ১৫ মহলীয়া এটি স্মাৰক অট্টালিকাৰে সুসজ্জিত শ্বহীদ স্মাৰক ক্ষেত্রৰ শ্বহীদ প্ৰণাম জ্যোতি অক্ষয় বন্তি হিচাপে জ্বলি থাকিব। মঙলবাৰে আয়োজিত এই শ্বহীদ প্ৰণাম জ্যোতি প্ৰজ্জ্বলন অনুষ্ঠানত আছুৰ নেতৃবৰ্গৰ উপস্থিতিত আৰু নাম-প্ৰসংগৰ মাজেৰে ৮৬০ গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই এই বন্তি প্ৰজ্বলন কৰা হয়।
আনহাতে, এই শ্বহীদ স্মাৰক ক্ষেত্ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “ঐতিহাসিক অসম আন্দোলনত অসমী আইৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দি শ্বহীদ হোৱা প্ৰথমগৰাকী অসম মাতৃৰ সন্তান আছিল শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ৷ তেখেতৰেই মৃত্যুদিন ১০ ডিচেম্বৰত প্ৰতি বছৰে শ্বহীদ দিৱস পালন কৰি অহা হৈছে৷ আজিৰ এই মহান দিনটিত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে প্ৰতিগৰাকী মহান শ্বহীদলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ৷”
তেওঁ লগতে কয়, “মহান শ্বহীদসকলৰ ত্যাগক সন্মান জনাই আমাৰ চৰকাৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ আজি কিছু সময় পাছতে ৰাইজলৈ উছৰ্গা কৰা হ’ব, য’ত জাতীয় জীৱন সংগ্ৰামৰ শ্বহীদসকলৰ স্মৃতি বিজড়িত বিভিন্ন সম্ভাৰ সংৰক্ষণ কৰা হৈছে৷”












