
বোকাজান আৰক্ষীৰ সফলতা। বোকাজানত জব্দ নিচাজাতীয় টেবলেট। এখন যাত্ৰীবাহী অটোৰ পৰা উদ্ধাৰ কৰা হয় এই ড্ৰাগছখিনি। চিনটেক্স প্লাচ নামৰ নিচাজাতীয় টেবলেটখিনি বোকাজান আৰক্ষীৰ অভিযানত জব্দ কৰা হয়।

বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ৰুষ্টম ৰাজ ব্ৰক্ষ্ম আৰু বোকাজান আৰক্ষী থানাৰ বিষয়া নৱ কুমাৰ শইকীয়াৰ নেতৃত্বত আৰক্ষী বাহিনীৰ অভিযানত এখন অটোৰ পৰা উদ্ধাৰ কৰা হয় এই ড্ৰাগছখিনি।
বোকাজানৰ দুমখীয়া পথত তালাচী চলাই AS90BC4921 নম্বৰৰ যাত্ৰীবাহী অটোখনৰ পৰা উদ্ধাৰ হয় এই টেবলেটখিনি। অটোখনৰ সৈতে ড্ৰাগছখিনি জব্দ কৰাৰ লগতে চালক হানিফ আলীক কৰায়ত্ত কৰা হয়। জানিব পৰা মতে, হানিফ আলী পূৰ্বেও নিচাযুক্ত দ্ৰব্যৰ সৰৱৰাহৰ লগত জড়িত আছিল।













