
কেন্দ্ৰীয় কৃষি বিজ্ঞান কেন্দ্ৰ কাৰ্বি আংলঙৰ উদ্যোগত মাঞ্জাত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতিসত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ যায় ৷

১নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত জনজাতীয় গৌৰব বৰ্ষ পখৱাৰাৰ অংশ হিচাপে অনুষ্ঠিি হোৱা উক্ত কাৰ্যসূচীত সমৃদ্ধ জনজাতিগত ঐতিহ্য উদযাপন আদি কৃষি প্ৰথাৰ বিষয়ে প্ৰচাৰ কৰা হৈছিল ৷
আজিৰ কৰ্মশালাৰ অন্তিম দিনৰ কাৰ্যসূচী উপলক্ষে আয়োজিত এখন সভা কেভিকে কাৰ্বি আংলঙৰ বিষয়বস্ত বিশেষজ্ঞ প্ৰক্ষিপ্ত বৰুৱাই তদাৰক কৰে ৷ কাৰ্বি আংলংৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ এম. কে. দলে’ই আদৰণি ভাষণ প্ৰদান কৰি ড° দলে’ই প্ৰতিটো জনজাতিয়ে নিজৰ চহকী ঐতিহ্য আৰু সংস্কৃতি সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

যাতে ভৱিষ্যত প্ৰজন্মই গৌৰৱৰে নিজৰ পৰিচয় আৰু মৰ্যদা দাঙি ধৰিব পাৰে। কাৰ্যসূচীখনত অসম গৌৰৱ বিনং টেৰণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ নিজৰ ভাষণ প্ৰসংগত অসম গৌৰৱ বিনং টেৰণে সকলো কৃষকক জনজাতিৰ গৌৰৱশালী হিচাপে অভিনন্দন জনায় আৰু তেওঁলোকক নিজৰ পৰম্পৰাগত ৰীতি-নীতি, আদি জ্ঞান সংৰক্ষণ কৰিবলৈ উৎসাহিত কৰে ।
আনহাতে কৃষক সকলেও নিজৰ খেতিৰ সমস্যা আৰু অভিজ্ঞতা সমুহ প্ৰকাশ কৰে ৷ গ কৰিছিল, আৰু KVK আৰু ZRSৰ বিজ্ঞানীয সকলে জলবায়ুৰ প্ৰতি প্ৰতিৰোধক্ষম খেতিৰ প্ৰযুক্তিগত দিশসমূহৰ ওপৰত আলোকপাত কৰে ৷ উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি কৃষকৰ মাজত এখন পৰম্পৰাগত বীজ বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয় ৷
স্থানীয় জার্মপ্লাজ্ সংৰক্ষণ, বীজ স্বাৱলম্বিতা প্ৰসাৰ কৰা, আৰু পুৰণি জনজাতীয় খেতিয়তা পৰম্পৰা সংৰক্ষণ কৰা উদ্দেশ্যে কৰা হৈছিল । কিশোৰ-কৈশোৰৰ মাজত সাংস্কৃতিক গৌৰৱ আৰু সৃষ্টিশীলতা বিকাশ কৰাৰ বাবে, জনজাতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে এখন কলা প্ৰতিযোগিতাও আয়োজন কৰা হয় ৷
ছাত্ৰ-ছাত্ৰীয়ে উৎসাহৰ সৈতে অংশগ্ৰহণ কৰি তেওঁলোকৰ শিল্পকর্মৰ জৰিয়তে জনজাতীয় জীৱন, পৰম্পৰা আৰু প্ৰকৃতিৰ ওপৰত প্ৰদৰ্শন কৰে । দিনজোৰা কাৰ্যসূচীৰ সময়ত, বিষয়ভিত্তিক প্ৰশিক্ষণ কাৰ্যসূচীও অনুষ্ঠিত হৈছিল। অধিবেশন সমন্বয় কৰিছিল।












