
অসম-নাগালেণ্ড সীমান্তত অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ চোৰাং বেহা ৷ সীমান্তত আৰক্ষীৰ চোকা পহৰাকো প্ৰত্যাহ্বান জনাই নিতৌ নিচাযুক্ত সামগ্ৰী সৰবৰাহ অপচেষ্টা কৰি প্ৰতিবাৰতে আৰক্ষীৰ জালত পৰিছে ৷

আৰক্ষীৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ১০ মান বজাত এক গোপন খবৰৰ ভিত্তিত ডিমাপুৰৰ পৰা খটখটী অভিমুখে গৈ থকা NL 01 CA 4669 নম্বৰৰ জীপছী গাড়ীত তালাচী চলাই তিনিটা চাবোনৰ বাকচৰ পৰা ৩৭’৬৪ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
জীপচী গাড়ীৰ চালক চিঙেই, আৰকে উইলিয়ামচন, চিজথৌ বাচেনা আৰু ৱাটিমেৰইন জমিৰক আটক কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ সৰবৰাহকাৰী সকল ডিমাপুৰৰ বাসিন্দা ৷
হেৰইনখিনি সৰবৰাহকাৰী সকলে নিজৰ শৰীৰত কৌশলগত লুকুৱাই সৰবৰাহৰ অপচেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে৷ বোকাজানৰ আৰক্ষীৰ চক্ৰ বিষয়াৰ আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে হেৰইনখিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷













