বৃহস্পতিবাৰে দিনৰ প্ৰায় ১ বজাত অসম-নাগালেণ্ড সীমান্তৰ বালিজান খান বস্তিত আৰক্ষীয়ে এক অভিযান চলাই সন্দেহজনক এজন ব্যক্তিক হেৰইন সৈতে আটক কৰে।এক গোপন সূত্ৰে পম খেদি খটখটী থানাৰ অচি নিতুল শইকীয়াৰ নেতৃত্বত আৰু কাৰাগাওঁ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া স্বমধন স্বৰ্গীয়াৰী লগতে উপ পৰিদৰ্শক বিমান চেতিয়াৰ সহযোগত বালিজান খান বস্তিৰ উচ্ছেদিত এলেকাত অভিযান চলাই উদ্ধাৰ কৰে হেৰইনখিনি ৷

আৰক্ষীয়ে নগাওঁ জিলাৰ কামপুৰ থানা এলেকাৰ গিলানীপুৰ ২৫ বছৰীয়া ইমৰাণ হুছেইনৰ পৰা দুটা ধঁপাতৰ টেমাত লুকুৱাই অনা পইণ্ট ‘২ গ্ৰাম হেৰইন উদ্ধাৰ কৰে ৷ ঘটনাস্থলীত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্ম আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে হেৰইন খিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷