
তামিলাগা ভেত্ৰী কাঝাগামৰ (টি ভি কে) প্ৰতিষ্ঠাপক নেতা তথা অভিনেতা ‘থলপতি’ বিজয়ৰ ৰাজহুৱা সভাত পদপিষ্ট হৈ হোৱা (Karuru Stempede) মৃত্যুৰ পিছত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে ৰাজনৈতিক সভা বা অনুষ্ঠান সন্দৰ্ভত এক বৃহৎ আদেশ জাৰি কৰিছে।

আদালতে কয় যে ৰাজ্যিক বা ৰাষ্ট্ৰীয় ঘাইপথত যিকোনো ৰাজনৈতিক সভা, ৰোড শ্ব’ বা অন্যান্য ৰাজহুৱা সমাবেশ নিষিদ্ধ কৰিব লাগে। ৰাজ্য চৰকাৰে ৰেলী বা ৰোড শ্ব’ৰ দৰে কাৰ্যসূচী সন্দৰ্ভত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) জাৰি নকৰালৈকে এই নিষেধাজ্ঞা বলৱৎ থাকিব।
বিজয়ৰ জনসভাৰ হুলস্থুলৰ লগে লগে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত এনে কাৰ্যসূচীৰ বাবে এছ পি অ’ গঠনৰ বাবেচাৰিটা জনস্বাৰ্থ জড়িত গোচৰৰ আবেদন দাখিল কৰা হয়। শুকুৰবাৰে ৰাজ্য চৰকাৰে আদালতক আশ্বাস দিয়ে যে এছ পি অ’ চূড়ান্ত নোহোৱালৈকে ৰাজ্যিক বা ৰাষ্ট্ৰীয় ঘাইপথত বৈঠক অনুষ্ঠিত কৰাৰ কোনো অনুমতি দিয়া নহ’ব।
শুকুৰবাৰৰ শুনানিত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সেনথিল কুমাৰে তামিলনাডু আৰক্ষীক সমালোচনা কৰে। বিজয়ৰ ৰাজহুৱা সভাত এই পদপিষ্ট কাণ্ডত কোনো গোচৰ ৰুজু হৈছে নে নাই সেয়া জানিব বিচাৰিছিল ন্যায়াধীশগৰাকীয়ে।
তেওঁৰ প্ৰশ্ন আছিল, “গোচৰ দাখিল কৰাত বাধা ক’ত? এই সন্দৰ্ভত কোনেও অভিযোগ দাখিল কৰা নাই যদিও আৰক্ষীয়ে গোচৰ ৰুজু কৰিব লাগিব।” পদপিষ্ট কাণ্ডৰ তদন্তৰ বাবে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে।
ন্যায়াধীশগৰাকীয়ে কয়, “ঘটনাস্থলীৰ দৃশ্য আৰু ঘটনাৰ পিছৰ ভিডিঅ’বোৰ অতি বেদনাদায়ক।” কেৱল তামিলনাডু আৰক্ষীয়েই নহয়, বিজয়ৰ দল টি ভি কেও শুকুৰবাৰে ন্যায়াধীশৰ তিৰস্কাৰৰ সন্মুখীন হ’বলগীয়া হয়।
ন্যায়াধীশগৰাকীয়ে কয় যে এই পদপিষ্ট কাণ্ডৰ পিছত একাংশ লোকে জনসাধাৰণ আৰু শিশুক উদ্ধাৰ কৰাত ব্যৰ্থ হয়। কেৱল সেয়াই নহয়, এই ঘটনাৰ দায়িত্ব গ্ৰহণ নকৰাৰ বাবে বিজয়ৰ দলটোক লৈ ক্ষোভ প্ৰকাশ কৰে ন্যায়াধীশে।
তেওঁৰ প্ৰাৰম্ভিক পৰ্যবেক্ষণ আছিল যে ভিৰ পৰিচালনাৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই ঘটনাৰ সৈতে জড়িত সকলো প্ৰতিবেদন এছ আই টিৰ হাতত অৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।












