
চৰকাৰী নিয়ম অনুসৰি দুটাতকৈ অধিক শিশুক জন্ম (Newborn baby) দিব নোৱাৰে। সেয়ে চতুৰ্থটো সন্তান জন্ম হোৱাত পিতৃ-মাতৃয়ে হাবিলৈ লৈ গৈ তিনিদিনীয়া শিশুটিক শিলৰ তলত পেলাই থৈ আহে। তেওঁলোকে ভাবিছিল যে প্ৰচণ্ড ঠাণ্ডাত শিশুটি বাচি নাথাকিব।

কিন্তু এক অলৌকিক ঘটনা ঘটে। গোটেই নিশা শিলৰ হেঁচা, পৰুৱাৰ কামোৰ আৰু ঠাণ্ডা সহ্য কৰিও শিশুটি বাচি থাকিল। পিছদিনা পুৱা শিশুটিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁ তাত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে শিশুটিৰ পিতৃ-মাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা নন্দনৱাড়ী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰা হয় শিশুটিক। পুৱা শিশুটিৰ তীব্ৰ কান্দোন শুনি গাঁৱৰ ৰাইজে ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হয়। পিছত আৰক্ষীক খবৰ দিয়া হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, শিশুটিৰ পিতৃ বাবলু ডাণ্ডোলিয়াই চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰে। মাতৃৰ নাম ৰাজকুমাৰী। যোৱা ২৩ ছেপ্টেম্বৰত জন্ম হৈছিল দম্পতীহালৰ চতুৰ্থ সন্তান। কিন্তু চাকৰি হেৰুওৱাৰ ভয়ত বাবলুৱে লুকুৱাই ৰাখিছিল শিশুটি জন্মৰ খবৰ। নিয়ম অনুসৰি দুটাতকৈ অধিক সন্তান জন্ম হ’লে চৰকাৰী চাকৰি নাথাকে। ইতিমধ্যে দম্পতীহালৰ তিনিটা সন্তান আছে।
গতিকে যেতিয়া তেওঁৰ পত্নী চতুৰ্থবাৰৰ বাবে গৰ্ভৱতী হ’ল, তেতিয়া বাবলুৱে সেইটো লুকুৱাই ৰাখিলে আৰু শিশুটিক হাবিত পেলাই থৈ অহাৰ পৰিকল্পনা কৰে।
অভিযোগ অনুসৰি, বাবলুৱে নিজৰ সন্তানটিক হাবিৰ মাজৰ শিলৰ তলত এৰি থৈ গৈছিল। পিছদিনা পুৱা গাঁৱৰ মানুহে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়।
কিন্তু চিকিৎসকে কয় যে শিশুটি জীয়াই থকাটো এক অলৌকিক কথা। তেওঁৰ গোটেই শৰীৰত পৰুৱাৰ কামোৰাৰ প্ৰমাণ পোৱা গৈছে। শিলৰ আঘাতত দেহটোও তেজেৰে লুতুৰি-পুতুৰি হৈ পৰে। ইয়াৰ উপৰি অতিমাত্ৰা ঠাণ্ডাৰ বাবে শিশুটিৰ শৰীৰৰ উষ্ণতা স্বাভাৱিকতকৈ বহু কম হৈ গৈছিল। অৱশ্যে তেওঁৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ।
আৰক্ষীয়ে জনোৱা মতে, দম্পতীহালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৯৩ ধাৰাত শিশু পৰিত্যাগ কৰাৰ গোচৰ ৰুজু কৰা হৈছে। পিছত আন কেইবাটাও ধাৰাতো গোচৰ ৰুজু হ’ব পাৰে। তদন্ত আৰম্ভ কৰা হৈছে।











