
দেওবাৰে দিনৰ প্ৰায় দুইমান বজাত ডিফু চৰকাৰী ৰেল আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি শণিবাৰে নিশা প্ৰায় ১০ বজাত ৰঙাপাহাৰ ৰেলষ্টেচনৰ ৰেল পথত ৰেলে কটা অৱস্থাত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰে ৷

সূত্ৰটোৰ মতে কোনো ৰেলৰ ইঞ্জিনৰ খুন্দাত অচিনাক্ত পুৰুষ লোকজনৰ মৃত্যু হয় ৷ লোকজনক স্থানীয় ষ্টেচনতে ঘূৰি ফুৰা আৰু মগনীয়া আৰু মানসিক ভাবে বিকৈৰ গ্ৰস্থ বুলি জানিব পৰা গৈছে ৷
অচিনাক্ত লোকজনৰ মৃতদেহটো উদ্ধাৰ মৰণোত্তৰ পৰীক্ষাৰ কৰাই ডিএমচিএইছৰ মৰ্গত ৭২ ঘণ্টাৰ বাবে সংৰক্ষণ কৰি ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷













