![]()
অসম আৰক্ষীয়ে নিচাযুক্ত ড্ৰাগছ আৰু অবেধ বাৰ্মিজ চুপাৰিৰ (Burmese Supari) বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই মটৰ পথত কেইবাটাও সফলতা লাভ কৰাৰ পিছত এইবাৰ সৰবৰাহৰ পথ সলাইছে সৰবৰাহকাৰীয়ে ৷ শুকুৰবাৰে মটৰ পথৰ সলনি ৰেল পথেৰে অবৈধ বাৰ্মিজ চুপাৰি সৰবৰাহ কৰি থাকোতেই ডিফুত আৰক্ষীৰ জালত পৰে এটা অবেধ বাৰ্মিজ চুপাৰি সৰবৰাহকাৰী ৷

প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে সন্ধিয়া ডিফু থানাৰ অচি জে এছ খবুঙৰ এক গোপন খবৰৰ ভিত্তিত উপ আৰক্ষী অধীক্ষক দিলীপ মিলি (মুখ্য)ৰ নেতৃত্বত উপ পৰিদৰ্শক দেৱ প্ৰতিম কোঁৱৰ, জিআৰপি আইচি মনি মেছ আৰু ষ্টাফৰ যুটীয়া অভিযানত তিনিচুকীয়া-লামডিং যীত্ৰীবাহী ৰেলত তালাচী চলাই ১০ বস্তা বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
এই বাৰ্মিজ চুপাৰিখিনি সৰবৰাহৰ লগত জড়িত হোজাই জিলাৰ লংকা ৯ নং ৱাৰ্ডৰ নেতাজী ৰোডৰ অতুল দেৰ পুত্ৰ সঞ্জয় দে’ (৩৬)ক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত ডিফু আৰক্ষীয়ে ডিফু জি আৰপিত এক এজাহাৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে ৷













