
কাৰবি আংলং জিলাৰ সদৰ ডিফুত আজিৰে পৰা আৰম্ভ হৈছে সুধাকন্ঠৰ স্মৰণ ৷ দেওবাৰে দিনৰ ২ বজাত সমগ্ৰ ৰাজ্যৰ লগতে ডিফুতো জনতাৰ শিল্পী ড° ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জাতীয় জীৱনক সমৃদ্ধ কৰা শিক্ষাবিদ ; আবৃত্তিকাৰ ড° অমৰজ্যোতি চৌধুৰীৰ ৰচনা কৰা “ মৃত্যু জিনাৰ গান ” শীৰ্ষক কবিতাটো অসম সাহিত্য সভাৰ অঞ্চলিক কাৰ্যলয় ৰাংছিনা ভনত আবৃত্তি কৰে আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কাৰ্যকতা সকলে ৷

এই অনুষ্ঠানৰ আৰম্ভণিতে সুধাকন্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বালন কৰে আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷ নিজৰ চমু ভাষণত তেওঁ মহান শিল্পী গৰাকীক লগ পোৱা আৰু মৃত্যুৰ পিছত চৰকাৰে দিয়া দায়িত্ব পালন কৰি শ্ৰদ্ধাঞ্জলী জনাবলৈ পোৱা স্মৃতি সোঁৱৰে ৷
জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভানেত্ৰী ড° কাদম্বিনী টেৰণপীৰ সঞ্চালনাত সম্পন্ন হোৱা অনুষ্ঠানত উপস্থিত থাকে পদ্মশ্ৰী ধনেশ্বৰ ইংতি ; কাৰবি লামমেত আমেইৰ সভাপতি কামছিং হাঞ্চে; নিৰ্বাচনী বিষয়া বি ৰাভা ; অনুবাদক খগেন ইংতি ; জয়ছিং টকবী ; কবি মঞ্জু হাজৰিকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল ৷বক্তা সকলে নিজৰ ভাষণত বিশ্ব শিল্পী ভূপেন হাজৰিকাৰ গুণৰাজি ব্যাখ্যা কৰাৰ লগতে নিজে লগ পোৱাৰ মধুৰ স্মৃতি সোঁৱৰণ কৰে ৷













